Tuesday 11 March 2014

বেবী ড'ল মেঁ চোনে ডি-

'ফিচলৈ যোৱাৰ আগতে ৰাতিপুৱা চাহ খাই খাই অসমীয়া বাতৰি চোৱাটো মোৰ এটি পুৰণি অভ্যাস। আজিও চাই আছোঁ বাতৰি। দুদিনমান আগতে অহা শহুৰ-শাহুও আছে কাষতে বহি। এনেতে ওচৰৰ ঘৰৰ কাম কৰা ছোৱালী পদুমী আহিল সোমাই। কোলাত তেওঁলোকৰ এবছৰীয়া কণমানিটো, হাতত চেৰেল্যাকজাতীয় খাদ্যভৰ্তি এটি বাটি। আহিয়েই পদুমীয়ে ৰিম'টটো লৈ এমটিভি লগাই দিলে।
'ও দাদা, গান লগাও ৰ'ব। ই গান শুনিলেহে খায়।'
টিভিৰ পৰ্দাত আবিৰ্ভাৱ হ'ল ছানি লিয়'নীৰ। 'বেবী ড'ল মে' চোনে ডি...য়ে দুনিয়া পিতল ডি'। সোণৰ বেবী ড'ল ছানি লিয়'নীৰ গান শুনি কণমানিটোৱে মুখ মেলি দিলে। পদুমীয়ে খাদ্য ভৰ্তি চামুচখন মুখত ভৰাই দিলে। আমি পিতলৰ মূৰ্তিত পৰিণত হ'লোঁ। এই ছানি লিয়'নী বা ইমৰাণ হাছমীক কোনোবা গানত দেখিলেই মোৰ ভয় হয়। প্ৰেম-পিৰীতিৰ ক্ষেত্ৰত এওঁলোক দুৰ্ধ্বৰ্ষ উগ্ৰপন্থী, যিকোনো মূহুৰ্তে উগ্ৰ ৰূপ ধাৰণ কৰিব পাৰে। সম্ভাৱ্য বিস্ফোৰণৰ কথা ভাবি সচকিত হ'লোঁ মই।
'এইজনী কাৰ জীয়েক?' - টিভিৰ পৰ্দাত চকু থৈ শহুৰৰ প্ৰশ্ন।
সিদিনা সোনাক্ষী সিনহা ওলাওতে শহুৰৰ মনটো ভাল লগাবলৈয়ে কৈছিলোঁ-'এইজনী আপোনালোকৰ দিনৰ শত্ৰুঘ্নৰ জীয়েক, শত্ৰুঘ্ন সিনহাক ভাল পাইছিল চাগ ন? সেই যে 'খামোশ্ব!...'। কৰীণাৰ চিনেমা দেখাই কৈছিলোঁ- ৰণধীৰ কাপুৰৰ জীয়েক। ডাঙৰজনীক জানে কিজানি'। এতিয়া ছানি লিয়'নীৰ বায়'ডাটা কেনেদৰে দিও ভাবিলোঁ! গান শেষ হ', টেনছন কমিল।
 

আবেলি শহুৰ-শাহুহঁতক ফুৰাবলৈ কিছু দূৰৰ পাৰ্ক এখনলৈ গ'লোঁ। বেছিসময় থাকিব নোৱাৰিলোঁ। অনেক ইমৰাণ হাছমী-ছানি লিয়'নীৰ যুটীয়ে ভিৰ কৰিছে তাত।
আহোতে ট্ৰেফিক ছিগন্যেল এটাত আমাৰ গাড়ীখন ৰ'ব লগা হ'ল। মই আৰু শহুৰ দেউতা আগফালৰ ছীটত। হঠাতে বাইক এখন সাপৰ দৰে সোঁৱে-বাওঁৱে পিচৰ গাড়ীবোৰ অ'ভাৰটেক কৰি আহি আমাৰ গাড়ীখনৰ সন্মুখত কেৰেচকৈ শব্দ কৰি ৰৈ গ'ল। বাইক আৰোহী যুৱকৰ পিঠিত লিপিট খাই পৰিছে পিছ্ত বহা যুৱতীগৰাকী, যেন পিঠি ভেদি বুকুৰে ওলাই গৈ কলিজাত লিখি থৈ যাব প্ৰেম কাহিনী। চাইডভিউ কৰিলেও চাগে বাইকখনত এজন নে দুজন বহি আছে ধৰিবলৈ দিগদাৰ হ'ব। হাউলি দিওঁতে যুবতীৰ চুটি টি-চাৰ্টটোৰ তলৰ অংশ লাহে লাহে উঠি গৈ মাজ পিঠি পাইছে।
সেউজীয়া লাইট জ্বলিবলৈ আৰু এক মিনিট বাকী।
'দেউতা, সেই বাওঁফালে মাল্টিপ্লেক্সটো যোৱাবছৰ সাজিছে।'
শহুৰ আৰু মই বাওঁফালে লক্ষ্য কৰিলো। মাল্টিপ্লেক্সৰ এক বিশাল হ'ৰ্ডিঙত জিলিকি আছে ছানি লিয়'নীৰ অৰ্ধ উন্মুক্ত বক্ষেৰে 'ৰাগিনী এমএমএছ'ৰ পোষ্টাৰ। চকুদুটাও যে আৰু। আন বহুত হ'ৰ্ডিং আছে। কিন্তু ইহঁত দুটাই এইবোৰহে বিচাৰি পায়।
কি কৰোঁ, নকৰোঁ বুলি এফ.এমটো অন কৰিলোঁ। বাজি উঠিল য়ো য়ো হনী সিঙৰ গান -'কাৰেংগে পাৰ্টি ছাৰি ৰাত..'হেৰি' মে দম হ্যে তো বন্দ কৰৱালো...' 'হেৰি'য়াত দম আছে নে নাই নাজানোঁ, মই লাহেকৈ বন্ধ কৰি দিলোঁ গানটো!

Thursday 20 February 2014

"ফে'চবুকত দৰা-কইনা"


আমাৰ লগৰ এজন বেংগালুৰুত থাকে। বিয়াৰ বাবে ছোৱালী বিচাৰি হাবাথুৰি খাইছে। ঘৰতো তাৰ কাৰণে ছোৱালী বিচাৰি আছে। আগৰ দৰে ছোৱালীৰ খবৰ আহিলে আজিকালি আৰু কোনোৱে 'ফ'টো একপি' নুখুজে। ছোৱালীঘৰে পুৰণি এলবাম খুলি ছোৱালীয়ে আগৰ সৰস্বতী পূজাত ষ্টুডিঅ'ত পিছফালে নিজৰা-পাহাৰ-ফুলনিৰ বেকগ্ৰাউন্ড ছবিৰ আগত তোলা গ্ৰুপ ফোটো এখন ল'ৰাঘৰলৈ পঠিয়া নালাগে এতিয়া। বন্ধুৰ আশী বছৰীয়া আইতাকেও কয়, 'বাপা, আপীটো বোলে ফে'চবুকত আছে, তাতে চাবিচোন এবাৰ'। 
সিদিনা মাকে ফোন কৰি জনালে চেন্নাইত থকা অসমীয়া ছোৱালী এজনীৰ খবৰ অহা বুলি। নামটো কোৱাৰ লগে লগে বন্ধুৱে ফে'চবুকত ছাৰ্চ কৰি তাইৰ প্ৰ'ফাইল বিচাৰি উলিয়ালে। দেখিলে ৰিলেশ্যনশ্বিপ উইথ - 'থিৰু নাথম মুনুস্বামী'। লগে লগে নাকচ। মাকক ক'লে, অলপ খা-খবৰ নকৰাকৈ যাতে তাক আৰু ছোৱালীৰ কথা নকয়।
কিছুদিন পিছত মাকে আন এগৰাকীৰ খবৰ অহা বুলি ক'লে। নাম হেমলতা তালুকদাৰ, মুম্বাইত থাকে। যোৱাবছৰ এম.এ পাছ কৰি সৰু চাকৰি এটা কৰি আছে। 
'তাইৰ মাক-দেউতাক আহিছিল আমাৰ ঘৰলৈ। তই বাবা ফে'চবুকতে চাবিচোন প্ৰথম কেনেকুৱা দেখ। তাৰ পিছত আমি আগবাঢ়িম বাৰু'।
'আগৰজনীৰ দৰে নহয়তো?'
'নাই, নাই...এইবাৰ আমি কিছু খবৰ লৈছো নহয়। একেবাৰে গুণৰ মাণিক বোলে। শান্ত-শিষ্ট, ভদ্ৰ-অমায়িক..মুঠতে সকলো ভাল।'  সি মাকৰ পৰা তাইৰ সম্পূৰ্ণ নাম, ঘৰত মতা নাম, ঠিকনা সকলো ল'লে। প্ৰ'ফাইল বিচাৰিবলৈ এইবোৰৰ প্ৰয়োজন হয় কেতিয়াবা।
পিছদিনা বন্ধুৱে অ'ফিচত বহি আঠ ঘন্টা নন-ষ্টপ ফে'চবুকত তাইৰ নামৰ প্ৰ'ফাইল ছাৰ্চ কৰিলে, এইগৰাকীক নাপায়হে নাপায়। নাই, সি বিচাৰি উলিয়াব নোৱাৰিলে তাইৰ প্ৰ'ফাইল। বিমৰ্ষ মনেৰে সি মাকক ফোন কৰি জনালে -'তাই চাগে ফে'চবুকত নাই মা'
'কেনেকৈ হ'ব? তাই আছে। তোৰ ফ'টো হেনো তাই দেখিলেই। দেউতাকে কৈছেতো আজি'
'বেলেগৰ প্ৰ'ফাইলৰপৰা চাইছে চাগে মোক। বহুতে ফে'চবুক বেয়া বুলি প্ৰ'ফাইল নুখুলে যে। তাই অলপ বেছিয়ে সতী-সাবিত্ৰী হ'ব যেন লাগিছে!'
পিছদিনা মাকে তাক ৰাতিপুৱাই ফোন কৰিলে।
'তাই ফে'চবুকত আছে ও...আজি দেউতাকক সুধিলোঁ। পিছে...'
'পিছে কি মা??'
'তাই সম্পূৰ্ণ নামটো হেনো দিয়া নাই ফে'চবুকত....কিবা বেলেগ নাম দিছে'
'কি নাম কোৱা আকৌ...'
'এহ্ নহ'লে এইজনীক বাদ দে, মামাৰাই আন এজনীৰ খবৰো আনিছে।'
'হাৰে.....প্ৰ'ফাইল নামটো নোকোৱা কিয়?' 
মাকে সেমেনা-সেমেনিকৈ ক'লে-"হট এণ্ড হানী হেমা"!

Tuesday 24 December 2013

'শহুৰৰ ঘৰ'


স্বৰ্গসুখ কাক কয় মই নাজানো কিন্তু বিয়াৰ পিছত প্ৰথমবাৰৰ বাবে শহুৰৰ ঘৰত দুদিনমান থকাকৈ গৈ যি সুখ-আনন্দ পাইছিলোঁ সেয়া চাগে স্বৰ্গসুখতকৈ কোনোগুণে কম নাছিল। শহুৰৰ ঘৰৰ পদূলিত আমাৰ বাবে সকলো ৰৈ আছে। উৎসাহ-আনন্দৰ সীমা নাই। সেই সময়ত পেপাৰে-পত্ৰই কেৱল ফ্ৰান্সৰ ফুটবল টীমটোৰ ফ'টো। দুদিনমান আগতে ফ্ৰান্সে ব্ৰাজিলক হৰুৱাই বিশ্বকাপ জয় কৰিছে। মোৰ নিজকে ফ্ৰান্সৰ জিডান যেন লাগিল। কান্ধত মোৰ সেয়া ফাঁচীবজাৰৰ ফুটপাথত কিনা নকল 'নাইকি'ৰ বেগ নহয়, যেন বিশ্বকাপ ট্ৰফীটোহে! 

সৰিয়হেৰে ভাপত দিয়া ইলিছ, চিতল মাছৰ কালিয়া, পাৰৰ মাংস - বিধে বিধে ব্যঞ্জন প্ৰতিটো সাঁজতে! শাহুআয়ে আদৰ-সাদৰকৈ ভাত বাঢ়ে, সকলো ৰৈ থাকে মোৰ কাৰণে। কাঁহ এটা মাৰিলেও শহুৰদেউতাই 'কফ ছিৰাপ' এচামুচ লৈ লৰি আহে। ৰাতি খুলশালী ধন আৰু কণৰ জেদ লাগে। মই হেনো সিহঁতৰ বিচনাত শুব লাগে। 'মোৰ তুলিখন বৰ ভাল', 'তাৰ বিচনাত উৰহ আছে' - সিহঁতৰ কাজিয়া। দুয়োৱে নিজৰ নিজৰ বিচনা যতনাই থয় ধুনীয়াকৈ মোৰ কাৰণে। আনন্দত মোৰ চকুপানী ওলাও ওলাও হয়। শ্ৰীমতীয়ে ইংগিতেৰে বুজায় -'দেখিছা, এনে শহুৰৰ ঘৰ ভাগ্যৰ বলতহে পায়'।

'সঘনাই আহি থাকিবা দেই' -শাহুহঁতৰ অনুৰোধমৰ্মে দুইমাহৰ মূৰে মূৰে এবাৰ যোৱা হ'লোঁ। 
লাহে লাহে ভাতৰ পাত চিতল-ইলিছৰপৰা চালানী ৰৌৰ সেৰেকা জোলখিনিয়ে ঠাই ল'লে। ৰাতিপুৱা চাহৰ লগত ডাবল অমলেট, লুচীভাজি নোহোৱা হৈ মেৰী বিস্কুট আহিল। খুলশালীকেইজনে 'ভিনদেউক দ্ৰয়িং ৰুমতে বিচনা এখন কৰি দে মা, মোৰ বিচনা সলালে টোপনি নাহে' বুলি কোৱা আৰম্ভ কৰিলে। খুলশালী দুজনৰ বিয়াৰ সময়ত 'জোৱাই অংকত ভাল, মেট্ৰিকত বোলে মাত্ৰ পঁচিশ নম্বৰৰ বাবে লেটাৰ পোৱা নাছিল। ভঁৰালঘৰ তেওঁৱেই চম্ভালক, বস্তুবোৰৰ ভালকৈ হিচাপ ৰাখিব পাৰিব' বুলি আদেশ দিলে শহুৰ দেউতাই। ৰসগোল্লা, দৈৰ টেকেলীৰ হিচাপ ৰাখোতে বিয়া কেনেকৈ পাৰ হ'ল গমেই নাপালোঁ। শহুৰৰ ঘৰত কাম কৰা নৰহৰিৰ লগত একেলগে ভঁৰালঘৰতে বিচনা কৰি শুবলগা হ'ল। মাজৰাতি নৰহৰিয়ে টোপনিআৰু গেলাৰ নিচাত 'পদুমী, তই মোক এৰি ক'লৈ গৈছিলি ঐ? আজি আকৌ আহিলি, মই বৰ সুখী' বুলি মোৰ গালে-মূৰে হাত ফুৰাই মুখখন আগবঢ়াই আনোতে সাৰ পাই বহি বহিয়েই কটালোঁ উজাগৰী নিশা।

বিয়াৰ পিছৰ বছৰৰ বিহুত গামোচাৰ সৈতে ছাৰ্ট-পেন্টৰ টোপোলা উপহাৰ পাইছিলোঁ। তাৰ পিছত লাহে লাহে অকল গামোচা, পিছৰ কেইবছৰমান ৰুমাল এখন, তাৰ পিছত এছএমএছ। দুবছৰ মানৰপৰা বিহুৰ দিনা খুলশালীজনে নাচনীৰ ফ'টো এখন ফে'চবুকত আপলোড কৰি 'হেপ্পী বিহু' বুলি মোক টেগ কৰি দিয়ে।
শ্ৰীমতীক শহুৰৰ ঘৰৰ মৰমবোৰ কমি অহাৰ কথা ক'লে জকি উঠে -'প্ৰথমতে দেখোন তিনি-চাৰিটা মিঠাইৰ টোপোলা নিছিলা আমাৰ ঘৰলৈ। এতিয়া বিয়াৰ পোন্ধৰ বছৰৰ পিছত ভাইৰ ল'ৰাকেইটাৰ কাৰণে দুটকাৰ চকলেট এটাও নিবলৈ পাহৰা। একেই সকলো!'

শহুৰ-শাহু ঢুকোৱাৰ পিছত শহু্ৰৰ ঘৰলৈ যোৱাটো কমি আহিল। গৈয়ো ভাল নালাগে। খুলশালী দুইজনে এটা ঘৰতে বেলেগকৈ পাগ জুৰিলে। আগৰ ডাঙৰ পাকঘৰটো এতিয়া 'ষ্টোৰৰুম' হ'ল।
কিছুদিন আগতে কিবা কামত শহুৰৰ চহৰলৈ যাওঁতে সোমালো সন্ধিয়া।
মোক দেখি দুই খুলশালীয়ে বাহিৰলৈ গৈ কিবা কথা আৰম্ভ কৰিলে।
কাৰ পাগত খাম, কোনজনৰ ৰুমত থাকিম, কি কি খুৱাব - সেয়াই চাগে আলোচনা কৰিছে। মনটো আনন্দেৰে ভৰি উঠিল। মই গৈ শুনাৰ চেষ্টা কৰিলোঁ।
'আমাৰ এওঁৰ গা ভাল নহয়। আজি তোৰ তাতে খাওক দে ভিনদেৱে'- সেয়া ডাঙৰ খুলশালী ধন।
'নাই নাই, যোৱাবাৰ আহোতে মোৰ ইয়াতে খাইছিল। এইবাৰ তোৰ তাতহে খুৱাব লাগিব' - খুলশালী কণে ক'লে এইবাৰ।
'কথা হ'ল নেকি? যোৱাবাৰ বৃহস্পতিবাৰে আহিছিল। সিদিনা তেওঁ নিৰামিষ খায়। তহঁতে আলু আৰু বেঙেনা ভাজি খুৱায়েই সাৰিছিলি..'
'কিয় পনীৰ খুৱাইছিলোঁ কিজানি..'
'থ তোৰ পনীৰ। ঘনাইৰ দোকানৰ গোন্ধোৱা পনীৰ আনিছিলি কিজানি এশ গ্ৰাম দহটকাত। আজি শনিবাৰ। মাছ-মাংস নুখুৱালে ভাল নহ'ব। চালানী ৰৌ মাছৰে দেখোন দুশ টকা কিলো। না: না: মই নোৱাৰো দেই, এওঁ শুনিলে হাঁহাকাৰ লগাই দিব'।
'ধন-কণ, মোৰ লগৰ এজন থাকে টাউনৰ ফালে। বহুদিনৰপৰা সি মাতি আছে। তাৰ ঘৰৰপৰা আহো অলপ ...আৰু মোৰ কাৰণে ভাতৰ যোগাৰ নকৰিবি দেই। তাৰ ঘৰতে খাম' - মই লাহে লাহে আগবাঢ়িলোঁ টাউন অভিমুখে।
টাউনৰ সোঁমাজতে এখন ধুনীয়া ৰেষ্টুৰেন্ট। ভিতৰলৈ সোমায়েই মই অৰ্ডাৰ কৰিলোঁ - 'ভাইটি, ফুল তন্দুৰী চিকেন এটা আনা। সোনকালে আনিবা, খুউব ভোক লাগিছে!'

Saturday 7 December 2013

"কবি নৃপতি বৰ্মনৰ আদ্যশ্ৰাদ্ধ"

নৃপতি বৰ্মন ঢুকোৱাৰ দুদিন পিছত ওচৰৰে যুৱক সংঘৰ কেইজনমান আহি বৰ্মন পত্নী হৰবালাক কথাটো ক'লে।
'বৰ্মন ছাৰে জীয়াই থাকোতে একো নাপালে বুলিয়েই ক'ম। ইমানসোপা কবিতা লিখিলে, কিতাপ ছপালে কিন্তু অসম কিয় আমাৰ এই অঞ্চলৰ বহুতেই তেওঁক নাজানিলে। সেয়েহে আদ্যশ্ৰাদ্ধটো আমাৰ ফালৰপৰাই ডাঙৰকৈ পাতিম ইয়াত। ইয়াৰে এমএলএ দত্তদাতো আমাৰেই মানুহ, আহিব। চেনেলৰ মানুহ মাতিম, এমএলএ আহিলে সিহঁতো দৌৰি আহিব। টিভিত নেদেখুৱালে এইবোৰৰ একো প্ৰচাৰ নাই। আপোনালোকৰ কিবা অসুবিধা...?'
হৰবালা বৰ্মনৰ দুচকুৰে দুটোপাল অশ্ৰু নিগৰি আহিল। হয়, মানুহজনে জীৱনত একোৱেই নাপালে। প্ৰাইমেৰী স্কুলখনতো পোন্ধৰবছৰ বিনা পইচাতে খাতিলে। এতিয়া দুবছৰ বাকী থাকোতেই ঢুকাল। দুটা ৰুমৰ ঘৰটোৰ মজিয়াকেইখন পকী কৰা নহ'লেই। ল-ছোৱালী দুটি সৰু হৈয়ে আছে, কলেজতে পঢ়ে। জমা পইচা বুলিবলৈ খুব বেছি পাঁচহাজাৰ। পইচানো কেনেকৈ জমা কৰিব। বছৰেকত দুখনকৈ কবিতাপুথি প্ৰকাশ কৰে। কবিতা লিখাটো তেওঁৰ বিৰাট চখ আছিল। দোকানত কিতাপবোৰ দিবলৈ গ'লে দোকানীয়ে হেনো কয়,' আজিকালি সকলোৱে কবিতা লিখে আৰু কিতাপ উলিয়ায়। আমাৰ ৰাখিবলৈ ঠাই নাই।' তেওঁ দুখ পায়। ঘৰৰ এটা ৰুম অকল তেওঁৰ কিতাপেৰেই ভৰি আছে। এতিয়া মৃত্যুৰ পিছত যুৱক সংঘৰ ল'ৰাবোৰ আগবাঢ়ি অহা দেখি মনতে খুব সন্তোষ পালে হৰবালা বৰ্মনে।

পিছদিনা যুৱক সংঘৰ সদস্যকেইজন আহিল পুনৰ।
'এমএলএ ছাৰ অহাটো ফাইনেল কৰিলে। আচলতে বাইদেউ, আমি এইবাৰ সংঘৰ এনুৱেল মিটিঙত তেওঁক সম্বৰ্ধনা দিয়াৰ কথা ভাবিছিলোৱেই। কিন্তু ছাৰে তাৰ আগতে সিপু্ৰীলৈ 'টিকেট' কাটি দিলে নহয়!'
'বৰ্মন ছাৰৰ ফ'টো এখন আছে যদি দিবচোন। এনলাৰ্জ কৰি বন্ধাব লাগিব কাপোৰেৰে। দীঘলে-বহলে কমেও একমিটাৰ মান হ'ব লাগিব...'
'ইমান ডাঙৰ ফ'টো লাগিব জানো? সেইখন পিছত ক'ত ৰাখি থম?'
'লাগিব, মানুহে দূৰৈৰপৰাই দেখিব লাগিব। টিভিতো দেখুৱাব নহয়। সৰু হ'লে ভাল নালাগিব। অলপ খৰচ আছে অৱশ্যে।'
'আমাৰ সংঘৰে এজনৰ টেন্ট হাউচ আছে। সিয়েই টেবুল-চকী, পেণ্ডেলৰ কাম কৰি দিব। পেণ্ডেলটো অলপ ভাল নহ'লে বেয়া দেখিব, এমএলএ ছাৰো অহা কথা আছে যে। তাক আপোনালোকে দহ পাৰ্ছেন্ট কমকৈ দিলেও হ'ব..'- আন এজনে ক'লে।

'এমএলএ ছাৰ আকৌ সিদিনা ইয়াৰপৰাই বাহিৰে বাহিৰে ধুবুৰী যাব। ইয়াতে জলপান কৰি যাম বুলিছে। বেছি একো নালাগে। সৰভোগৰপৰা দৈ, মিঠাই, কোমল চাউল অৰ্ডাৰ দিলে হ'ল। লুচী-পনিৰ আমাৰ শৰ্মা ৰান্ধনিয়ে কৰি দিব। তেওঁক কৈছোৱেই আমি।'
হিচাপ-নিকাচৰ দীঘলীয়া লিষ্ট এখন দি সংঘৰ ল'ৰাকেইজন গ'লগৈ। হৰবালা বৰ্মনে পুতেকক মামাকৰ ঘৰলৈ পঠালে সেই ৰাতিয়েই। মামাকহঁতে টকা পাঁচহেজাৰ দিলে। পেহীয়েক দুজনীয়ে মিলি দহহেজাৰ গোটাই দিলে। বজাৰ-সমাৰ লিষ্টমতেই কৰা হ'ল।
আদ্যশ্ৰাদ্ধৰ দিনা পুৱাৰে পৰাই ধাৰাসাৰ বৰষুণ। সংঘৰ যুৱক এজন দৌৰাদৌৰিকৈ আহিল।
'বাইদেউ, বৰ বেয়া কথা হ'ল। ৰাষ্টাৰপৰা আপোনালোকৰ ঘৰলৈ সোমাই অহা আগফালৰ ঠাইখিনিত বোকা হৈছে। এমএলএ ছাৰ আহিবলৈ কষ্ট পাব। শ্যাম ঠিকাদাৰক এক ট্ৰাক সৰু শিলৰ কথা কৈছো পেলাই দিবলৈ তাতে। আমি ক'লে পি.ডব্লিউ.ডিৰ মানুহে ফ্ৰীতে কৰি দিলেহেঁতেন, কিন্তু এতিয়া সময় নাই।' হৰবালাই টকা দুহেজাৰ দিলে তাক।

শ্ৰাদ্ধৰ কাম পূৰ্ণগতিত চলি আছে। শৰ্মা ৰান্ধনীয়ে ৰন্ধা মটৰ-পনীৰৰ সুগন্ধি দূৰলৈ বিয়পিছে। কবি নৃপতি বৰ্মনৰ প্ৰায় একমিটাৰ মান আহল-বহল ডাঙৰ ফ'টো এখন মেজৰ ওপৰত আনি ৰাখিলেহি সংঘৰ যুৱক এজনে।
'বাইদেউ, সৰু বিপদ এটা হ'ল। চেনেলৰ মানুহকেইটাৰ হেনো আন এটা এপ'ন্টমেন্ট আছে। টাউনলৈ যাব লাগে। মই জোৰ দি কৈছোঁ। টকা তিনিশমান আছে যদি দিবচোন। সিহঁতৰো মনটো ভাল লগাও, অহাটোও একেবাৰে কনফাৰ্মড কৰি দিওঁ।'
'টকা দুহেজাৰেই আছিল। অলপ আগতে এজনক দিলোঁ। এতিয়া এপইচাও নাই নহয়।'
বৰ্মনৰ পুতেকে অৱশেষত বুধি এটা উলিয়ালে। নৃপতি বৰ্মনৰ কবিতাপুথিবোৰ ঠেলাত তুলি মহেন দোকানীৰ ওচৰলৈ নিলে। পাঁচ টকা দৰত আশী কিলো কিতাপ বেচি টকা চাৰিশ পালে। হৰবালা বৰ্মনে সকাহ পালে তেতিয়াহে।
এমএলএ আহিল। মানুহেৰে ভৰি পৰিল নৃপতি বৰ্মনৰ চোতাল। এমএলএ দত্তই ভাষণ আৰম্ভ কৰিলে-'...নৰহৰি বৰ্মনে লিখা কবিতাৰ মান বহুত ওপৰত। অসমীয়া সাহিত্যত লক্ষ্মীনাথ বেজবৰুৱাৰ পিছতে মই তেখেতক স্থান....'
কোনোবা এজনে এমএলএ'ৰ কাণে কাণে কৈ গ'ল-'ছাৰ, নৰহৰি নহয়। নৃপতি বৰ্মন। নৰহৰি তেওঁৰ ককায়েক, আজিৰ সভাৰ সভাপতি। কাষতে বহি আছে।'

সন্ধিয়ালৈ মিটিং শেষ হ'ল। এমএলএ যোৱাৰ পিছত সকলো ঘৰা-ঘৰি গ'লগৈ। যুৱক সংঘৰ দুজনমানে মৎস্যস্পৰ্শলৈ অনা খাহী দুটাৰ ওজন কিমান হ'ব পাৰে অনুমান কৰি বাজী মাৰিছে।
কোনোবা এজনে নৃপতি বৰ্মনৰ ফ'টোখন ডাঙি আনি চৰাঘৰৰ মেজখনৰ ওপৰতে থলে। সন্মুখত চাকি এগচিও জ্বলালে। চৰাঘৰৰ মাটিতে বহি আছে হৰবালা বৰ্মন। সকলোৰে মুখত স্বামীৰ গুণগান শুনি চকুপানী ৰখাব পৰা নাই।
জোৰেৰে বতাহ বলিছে। খিৰিকীৰ দুখন গ্লাছ ভগা। সেইফালেৰে বতাহ সোমাইছে, চাকিগচি নুমাও নুমাও হ'ল। 'এইমাহৰ দৰমহা পালে এই গ্লাছবোৰ লগাব লাগিব'-নৃপতি বৰ্মনে কোৱা কথাষাৰ মনত পৰিল হৰবালাৰ।
পুতেকে নৃপতি বৰ্মনৰ ডাঙৰ ফ'টোখন ডাঙি নি খিৰিকীখনৰ সন্মুখতে থলে।
''টোখন ইয়াতে ৰাখিলে হ', বতাহ আৰু নুসুমায়!'


Friday 6 December 2013

"দেৱাল লিখন"



'হেৰা, তুমি ঠিকেই শুনিছাতো? মাজনীয়ে কাৰ লগত কথা পাতি আছিল?'
'ঠিকেই শুনিছো অ'... সেই বিকি বান্দৰটোৱে হেনো আমাৰ দেৱালখনত অলপ আগতে কিবাকিবি লিখি থৈ গৈছে। সেইকথাটোৰ ওপৰতে তাই লগৰ এজনীৰ লগত ফোনত চিঞৰি চিঞৰি আলোচনা কৰি আছিল। মাজনীৰ লগৰজনীয়ে হয়তো আমাৰ ঘৰৰ আগেৰে যাওতে দেখিলে...'-বৰুৱানীয়ে ফুচফুচাই ক'লে বৰুৱাক।
'ছেহ..দুদিন আগত দেৱালখনত ধুনীয়াকৈ বগা ৰঙ দিছিলোঁহে। কি বা লিখিলে! মোৰ কথা নে তাইৰ কথা?'
'নাজানো। ভাল কথাতো নহ'বই কিজানি, নহ'লে মাজনীৰ ইম্মান খঙ উঠে নে! মই কৈছিলোৱেই দেৱালখনত ৰঙ-চঙ একো দিব নালাগে, তেনেকৈয়ে থাকক। তুমিহে...'
''বা হে..ৰঙ দিয়াৰ পিছত কিমান ধুনীয়া দেখাইছে। মইনো কেনেকৈ জানো কোনোবাই যে দেৱালত কিবাকিবি লিখি থৈ যাব বুলি।...আৰু এটা কথা, মাজনী এতিয়া কলেজ পাইছে। তুমি অলপ চকু দিবা। ল'ৰা-চ'ৰাৰ লগত বেছি হলিগলি ভাল নাপাও। এই বিকিটোৰ লগত কি সম্পৰ্ক তাইৰ? কিবা প্ৰেম-চেম....?'
'কি যে কোৱা, কিয়নো হ'ব। তাই দেখোন তাক 'বিকি বান্দৰ' বুলি চিঞৰি আছিল।'
'একো ক'ব নোৱাৰি। তোমাৰ বায়েৰাৰ ছোৱালীজনীয়ে দেখোন হ'ব লগা দৰাজনক ফোনত 'তুমি ইমান ষ্টুপিড..ইমান মূৰ্খ..ইডিয়টৰ দৰে কথা নক'বা...এক থাপৰ দিম...'-এনেকৈয়ে কথা কয়। আজিকালিৰ ছোৱালীৰ প্ৰেমৰ ভাষা বুজি নাপাও আমি।
'মাজনী ৰুমত শুইছে। এতিয়া বাৰটা বাজিবৰ হ'ল। দেৱালত কি লিখিছে চাওগৈ ব'লা..'
'নাই নাই, এই মাজৰাতি কোনোবাই দেখিলে ভয়ানক কথা হ'ব। তাতকৈ একেবাৰে আন্ধাৰে-পোহৰে গৈ যি যি লিখিছে, চব মচিব লাগিব। বগা ৰঙ অলপ আছেই। সেইখিনি ওপৰে ওপৰে লগাই দিম'
'হে প্ৰভূ, কি লিখিছে কাৰো চকুত যেন পৰিবলৈ নিদিয়া, নহ'লে আমাৰ লাজ-মান নাথাকিব।'-বৰুৱানীয়ে সেৱা কৰিলে দুবাৰমান।
বৰুৱাৰ সেইৰাতি টোপনি নাহিল। বহু পুৰণি কথা মনত পৰিল তেওঁৰ। এবাৰ কলেজত থাকোতে প্ৰিন্সিপালৰ লগত কাজিয়া লাগি খঙতে তেওঁ প্ৰিন্সিপালৰ কাষৰ দেৱালখনত লিখি আহিছিল ৰাতি-'প্ৰিন্সিপালৰ ৰুমটো বৰ্তমান প্ৰসাৱগাৰ হিচাপে ব্যৱহাৰ কৰি সুখ লওক'। কম হাঁহাকাৰ লাগিছিল নে সেইবাৰ। বিকিয়ে বাৰু তেনেকুৱা কিবাই লিখি থৈ গ'ল নেকি?
পুৱা চাৰিটাতে মূৰে-গায়ে কাপোৰ লৈ বৰুৱা-বৰুৱানী বাহিৰলৈ ওলাল। টেনশ্যনত মুখ শুকাই আছে দুয়োৰে। হাতত তিনিবেটাৰীৰ টৰ্ছ লৈ বৰুৱানী আগে আগে, ৰঙৰ টেমা আৰু ব্ৰাছ লৈ পিছে পিছে বৰুৱা। ঘৰৰ চাৰিওফালৰ দেৱালখনৰ এক-এক ইঞ্চি চাই গ'ল। নাই, কিন্তু ক'তো একো লিখা থকা নেদেখিলে। প্ৰায় এঘন্টামানৰ পিছত দুয়ো আহি জীয়েকৰ কোঠা পালে।
'মাজনী, উঠ উঠ....লগৰজনীয়ে আমাৰ ঘৰৰ দেৱালত কি লিখা দেখিছিল?'
'আমাৰ ঘৰৰ ৱাল? কি বকি আছা, মা?'
'নহয় অ'..কালি যে ফোনত কৈ আছিলি, বিকি বান্দৰটোৱে ৱালখনত কিবা লিখি থৈ যোৱা বুলি...'
'ও মা-পাপা, তোমালোক ইম্মান আউটডেটেড! আমাৰ ঘৰৰ ৱাল'ৰ কথা কোৱা নাই, মোৰ ফে'চবুকৰ ৱাল মানে টাইমলাইনৰ কথা কৈছিলোঁ। কিমান কৈ থাকো ফে'চবুকটোতো এটলিষ্ট শিকি লোৱা, নাই।...এতিয়া যোৱা ৰাতিপুৱা ভালকৈ বুজাই দিম।...ইমান পুৱাতে মাতি মুড নষ্ট কৰি দিলা'
বৰুৱাহঁতে একো বুজি নাপালে। বৰুৱাই লাহেকৈ ক'লে- ফে'চবুকৰেই হওঁক বা ঘৰৰেই হওঁক, নিজৰ দেৱালখন পৰিস্কাৰ হৈ থাকিব লাগে। বেলেগে কিবাকিবি লিখি যাব বা ফ'টো-চ'টো লগাই যাব, সেইটো কথা হ'ল নেকি? শুন, তোৰ সেই ৱালখনতো সকলোৰে চকুত পৰাকৈ ডাঙৰকৈ লিখি থবি, "দেৱাল-লিখন নচলিব...ষ্টিক নো বিলচ"!
© দিগন্ত কুমাৰ ভট্টাচাৰ্য