Tuesday 24 December 2013

'শহুৰৰ ঘৰ'


স্বৰ্গসুখ কাক কয় মই নাজানো কিন্তু বিয়াৰ পিছত প্ৰথমবাৰৰ বাবে শহুৰৰ ঘৰত দুদিনমান থকাকৈ গৈ যি সুখ-আনন্দ পাইছিলোঁ সেয়া চাগে স্বৰ্গসুখতকৈ কোনোগুণে কম নাছিল। শহুৰৰ ঘৰৰ পদূলিত আমাৰ বাবে সকলো ৰৈ আছে। উৎসাহ-আনন্দৰ সীমা নাই। সেই সময়ত পেপাৰে-পত্ৰই কেৱল ফ্ৰান্সৰ ফুটবল টীমটোৰ ফ'টো। দুদিনমান আগতে ফ্ৰান্সে ব্ৰাজিলক হৰুৱাই বিশ্বকাপ জয় কৰিছে। মোৰ নিজকে ফ্ৰান্সৰ জিডান যেন লাগিল। কান্ধত মোৰ সেয়া ফাঁচীবজাৰৰ ফুটপাথত কিনা নকল 'নাইকি'ৰ বেগ নহয়, যেন বিশ্বকাপ ট্ৰফীটোহে! 

সৰিয়হেৰে ভাপত দিয়া ইলিছ, চিতল মাছৰ কালিয়া, পাৰৰ মাংস - বিধে বিধে ব্যঞ্জন প্ৰতিটো সাঁজতে! শাহুআয়ে আদৰ-সাদৰকৈ ভাত বাঢ়ে, সকলো ৰৈ থাকে মোৰ কাৰণে। কাঁহ এটা মাৰিলেও শহুৰদেউতাই 'কফ ছিৰাপ' এচামুচ লৈ লৰি আহে। ৰাতি খুলশালী ধন আৰু কণৰ জেদ লাগে। মই হেনো সিহঁতৰ বিচনাত শুব লাগে। 'মোৰ তুলিখন বৰ ভাল', 'তাৰ বিচনাত উৰহ আছে' - সিহঁতৰ কাজিয়া। দুয়োৱে নিজৰ নিজৰ বিচনা যতনাই থয় ধুনীয়াকৈ মোৰ কাৰণে। আনন্দত মোৰ চকুপানী ওলাও ওলাও হয়। শ্ৰীমতীয়ে ইংগিতেৰে বুজায় -'দেখিছা, এনে শহুৰৰ ঘৰ ভাগ্যৰ বলতহে পায়'।

'সঘনাই আহি থাকিবা দেই' -শাহুহঁতৰ অনুৰোধমৰ্মে দুইমাহৰ মূৰে মূৰে এবাৰ যোৱা হ'লোঁ। 
লাহে লাহে ভাতৰ পাত চিতল-ইলিছৰপৰা চালানী ৰৌৰ সেৰেকা জোলখিনিয়ে ঠাই ল'লে। ৰাতিপুৱা চাহৰ লগত ডাবল অমলেট, লুচীভাজি নোহোৱা হৈ মেৰী বিস্কুট আহিল। খুলশালীকেইজনে 'ভিনদেউক দ্ৰয়িং ৰুমতে বিচনা এখন কৰি দে মা, মোৰ বিচনা সলালে টোপনি নাহে' বুলি কোৱা আৰম্ভ কৰিলে। খুলশালী দুজনৰ বিয়াৰ সময়ত 'জোৱাই অংকত ভাল, মেট্ৰিকত বোলে মাত্ৰ পঁচিশ নম্বৰৰ বাবে লেটাৰ পোৱা নাছিল। ভঁৰালঘৰ তেওঁৱেই চম্ভালক, বস্তুবোৰৰ ভালকৈ হিচাপ ৰাখিব পাৰিব' বুলি আদেশ দিলে শহুৰ দেউতাই। ৰসগোল্লা, দৈৰ টেকেলীৰ হিচাপ ৰাখোতে বিয়া কেনেকৈ পাৰ হ'ল গমেই নাপালোঁ। শহুৰৰ ঘৰত কাম কৰা নৰহৰিৰ লগত একেলগে ভঁৰালঘৰতে বিচনা কৰি শুবলগা হ'ল। মাজৰাতি নৰহৰিয়ে টোপনিআৰু গেলাৰ নিচাত 'পদুমী, তই মোক এৰি ক'লৈ গৈছিলি ঐ? আজি আকৌ আহিলি, মই বৰ সুখী' বুলি মোৰ গালে-মূৰে হাত ফুৰাই মুখখন আগবঢ়াই আনোতে সাৰ পাই বহি বহিয়েই কটালোঁ উজাগৰী নিশা।

বিয়াৰ পিছৰ বছৰৰ বিহুত গামোচাৰ সৈতে ছাৰ্ট-পেন্টৰ টোপোলা উপহাৰ পাইছিলোঁ। তাৰ পিছত লাহে লাহে অকল গামোচা, পিছৰ কেইবছৰমান ৰুমাল এখন, তাৰ পিছত এছএমএছ। দুবছৰ মানৰপৰা বিহুৰ দিনা খুলশালীজনে নাচনীৰ ফ'টো এখন ফে'চবুকত আপলোড কৰি 'হেপ্পী বিহু' বুলি মোক টেগ কৰি দিয়ে।
শ্ৰীমতীক শহুৰৰ ঘৰৰ মৰমবোৰ কমি অহাৰ কথা ক'লে জকি উঠে -'প্ৰথমতে দেখোন তিনি-চাৰিটা মিঠাইৰ টোপোলা নিছিলা আমাৰ ঘৰলৈ। এতিয়া বিয়াৰ পোন্ধৰ বছৰৰ পিছত ভাইৰ ল'ৰাকেইটাৰ কাৰণে দুটকাৰ চকলেট এটাও নিবলৈ পাহৰা। একেই সকলো!'

শহুৰ-শাহু ঢুকোৱাৰ পিছত শহু্ৰৰ ঘৰলৈ যোৱাটো কমি আহিল। গৈয়ো ভাল নালাগে। খুলশালী দুইজনে এটা ঘৰতে বেলেগকৈ পাগ জুৰিলে। আগৰ ডাঙৰ পাকঘৰটো এতিয়া 'ষ্টোৰৰুম' হ'ল।
কিছুদিন আগতে কিবা কামত শহুৰৰ চহৰলৈ যাওঁতে সোমালো সন্ধিয়া।
মোক দেখি দুই খুলশালীয়ে বাহিৰলৈ গৈ কিবা কথা আৰম্ভ কৰিলে।
কাৰ পাগত খাম, কোনজনৰ ৰুমত থাকিম, কি কি খুৱাব - সেয়াই চাগে আলোচনা কৰিছে। মনটো আনন্দেৰে ভৰি উঠিল। মই গৈ শুনাৰ চেষ্টা কৰিলোঁ।
'আমাৰ এওঁৰ গা ভাল নহয়। আজি তোৰ তাতে খাওক দে ভিনদেৱে'- সেয়া ডাঙৰ খুলশালী ধন।
'নাই নাই, যোৱাবাৰ আহোতে মোৰ ইয়াতে খাইছিল। এইবাৰ তোৰ তাতহে খুৱাব লাগিব' - খুলশালী কণে ক'লে এইবাৰ।
'কথা হ'ল নেকি? যোৱাবাৰ বৃহস্পতিবাৰে আহিছিল। সিদিনা তেওঁ নিৰামিষ খায়। তহঁতে আলু আৰু বেঙেনা ভাজি খুৱায়েই সাৰিছিলি..'
'কিয় পনীৰ খুৱাইছিলোঁ কিজানি..'
'থ তোৰ পনীৰ। ঘনাইৰ দোকানৰ গোন্ধোৱা পনীৰ আনিছিলি কিজানি এশ গ্ৰাম দহটকাত। আজি শনিবাৰ। মাছ-মাংস নুখুৱালে ভাল নহ'ব। চালানী ৰৌ মাছৰে দেখোন দুশ টকা কিলো। না: না: মই নোৱাৰো দেই, এওঁ শুনিলে হাঁহাকাৰ লগাই দিব'।
'ধন-কণ, মোৰ লগৰ এজন থাকে টাউনৰ ফালে। বহুদিনৰপৰা সি মাতি আছে। তাৰ ঘৰৰপৰা আহো অলপ ...আৰু মোৰ কাৰণে ভাতৰ যোগাৰ নকৰিবি দেই। তাৰ ঘৰতে খাম' - মই লাহে লাহে আগবাঢ়িলোঁ টাউন অভিমুখে।
টাউনৰ সোঁমাজতে এখন ধুনীয়া ৰেষ্টুৰেন্ট। ভিতৰলৈ সোমায়েই মই অৰ্ডাৰ কৰিলোঁ - 'ভাইটি, ফুল তন্দুৰী চিকেন এটা আনা। সোনকালে আনিবা, খুউব ভোক লাগিছে!'

Saturday 7 December 2013

"কবি নৃপতি বৰ্মনৰ আদ্যশ্ৰাদ্ধ"

নৃপতি বৰ্মন ঢুকোৱাৰ দুদিন পিছত ওচৰৰে যুৱক সংঘৰ কেইজনমান আহি বৰ্মন পত্নী হৰবালাক কথাটো ক'লে।
'বৰ্মন ছাৰে জীয়াই থাকোতে একো নাপালে বুলিয়েই ক'ম। ইমানসোপা কবিতা লিখিলে, কিতাপ ছপালে কিন্তু অসম কিয় আমাৰ এই অঞ্চলৰ বহুতেই তেওঁক নাজানিলে। সেয়েহে আদ্যশ্ৰাদ্ধটো আমাৰ ফালৰপৰাই ডাঙৰকৈ পাতিম ইয়াত। ইয়াৰে এমএলএ দত্তদাতো আমাৰেই মানুহ, আহিব। চেনেলৰ মানুহ মাতিম, এমএলএ আহিলে সিহঁতো দৌৰি আহিব। টিভিত নেদেখুৱালে এইবোৰৰ একো প্ৰচাৰ নাই। আপোনালোকৰ কিবা অসুবিধা...?'
হৰবালা বৰ্মনৰ দুচকুৰে দুটোপাল অশ্ৰু নিগৰি আহিল। হয়, মানুহজনে জীৱনত একোৱেই নাপালে। প্ৰাইমেৰী স্কুলখনতো পোন্ধৰবছৰ বিনা পইচাতে খাতিলে। এতিয়া দুবছৰ বাকী থাকোতেই ঢুকাল। দুটা ৰুমৰ ঘৰটোৰ মজিয়াকেইখন পকী কৰা নহ'লেই। ল-ছোৱালী দুটি সৰু হৈয়ে আছে, কলেজতে পঢ়ে। জমা পইচা বুলিবলৈ খুব বেছি পাঁচহাজাৰ। পইচানো কেনেকৈ জমা কৰিব। বছৰেকত দুখনকৈ কবিতাপুথি প্ৰকাশ কৰে। কবিতা লিখাটো তেওঁৰ বিৰাট চখ আছিল। দোকানত কিতাপবোৰ দিবলৈ গ'লে দোকানীয়ে হেনো কয়,' আজিকালি সকলোৱে কবিতা লিখে আৰু কিতাপ উলিয়ায়। আমাৰ ৰাখিবলৈ ঠাই নাই।' তেওঁ দুখ পায়। ঘৰৰ এটা ৰুম অকল তেওঁৰ কিতাপেৰেই ভৰি আছে। এতিয়া মৃত্যুৰ পিছত যুৱক সংঘৰ ল'ৰাবোৰ আগবাঢ়ি অহা দেখি মনতে খুব সন্তোষ পালে হৰবালা বৰ্মনে।

পিছদিনা যুৱক সংঘৰ সদস্যকেইজন আহিল পুনৰ।
'এমএলএ ছাৰ অহাটো ফাইনেল কৰিলে। আচলতে বাইদেউ, আমি এইবাৰ সংঘৰ এনুৱেল মিটিঙত তেওঁক সম্বৰ্ধনা দিয়াৰ কথা ভাবিছিলোৱেই। কিন্তু ছাৰে তাৰ আগতে সিপু্ৰীলৈ 'টিকেট' কাটি দিলে নহয়!'
'বৰ্মন ছাৰৰ ফ'টো এখন আছে যদি দিবচোন। এনলাৰ্জ কৰি বন্ধাব লাগিব কাপোৰেৰে। দীঘলে-বহলে কমেও একমিটাৰ মান হ'ব লাগিব...'
'ইমান ডাঙৰ ফ'টো লাগিব জানো? সেইখন পিছত ক'ত ৰাখি থম?'
'লাগিব, মানুহে দূৰৈৰপৰাই দেখিব লাগিব। টিভিতো দেখুৱাব নহয়। সৰু হ'লে ভাল নালাগিব। অলপ খৰচ আছে অৱশ্যে।'
'আমাৰ সংঘৰে এজনৰ টেন্ট হাউচ আছে। সিয়েই টেবুল-চকী, পেণ্ডেলৰ কাম কৰি দিব। পেণ্ডেলটো অলপ ভাল নহ'লে বেয়া দেখিব, এমএলএ ছাৰো অহা কথা আছে যে। তাক আপোনালোকে দহ পাৰ্ছেন্ট কমকৈ দিলেও হ'ব..'- আন এজনে ক'লে।

'এমএলএ ছাৰ আকৌ সিদিনা ইয়াৰপৰাই বাহিৰে বাহিৰে ধুবুৰী যাব। ইয়াতে জলপান কৰি যাম বুলিছে। বেছি একো নালাগে। সৰভোগৰপৰা দৈ, মিঠাই, কোমল চাউল অৰ্ডাৰ দিলে হ'ল। লুচী-পনিৰ আমাৰ শৰ্মা ৰান্ধনিয়ে কৰি দিব। তেওঁক কৈছোৱেই আমি।'
হিচাপ-নিকাচৰ দীঘলীয়া লিষ্ট এখন দি সংঘৰ ল'ৰাকেইজন গ'লগৈ। হৰবালা বৰ্মনে পুতেকক মামাকৰ ঘৰলৈ পঠালে সেই ৰাতিয়েই। মামাকহঁতে টকা পাঁচহেজাৰ দিলে। পেহীয়েক দুজনীয়ে মিলি দহহেজাৰ গোটাই দিলে। বজাৰ-সমাৰ লিষ্টমতেই কৰা হ'ল।
আদ্যশ্ৰাদ্ধৰ দিনা পুৱাৰে পৰাই ধাৰাসাৰ বৰষুণ। সংঘৰ যুৱক এজন দৌৰাদৌৰিকৈ আহিল।
'বাইদেউ, বৰ বেয়া কথা হ'ল। ৰাষ্টাৰপৰা আপোনালোকৰ ঘৰলৈ সোমাই অহা আগফালৰ ঠাইখিনিত বোকা হৈছে। এমএলএ ছাৰ আহিবলৈ কষ্ট পাব। শ্যাম ঠিকাদাৰক এক ট্ৰাক সৰু শিলৰ কথা কৈছো পেলাই দিবলৈ তাতে। আমি ক'লে পি.ডব্লিউ.ডিৰ মানুহে ফ্ৰীতে কৰি দিলেহেঁতেন, কিন্তু এতিয়া সময় নাই।' হৰবালাই টকা দুহেজাৰ দিলে তাক।

শ্ৰাদ্ধৰ কাম পূৰ্ণগতিত চলি আছে। শৰ্মা ৰান্ধনীয়ে ৰন্ধা মটৰ-পনীৰৰ সুগন্ধি দূৰলৈ বিয়পিছে। কবি নৃপতি বৰ্মনৰ প্ৰায় একমিটাৰ মান আহল-বহল ডাঙৰ ফ'টো এখন মেজৰ ওপৰত আনি ৰাখিলেহি সংঘৰ যুৱক এজনে।
'বাইদেউ, সৰু বিপদ এটা হ'ল। চেনেলৰ মানুহকেইটাৰ হেনো আন এটা এপ'ন্টমেন্ট আছে। টাউনলৈ যাব লাগে। মই জোৰ দি কৈছোঁ। টকা তিনিশমান আছে যদি দিবচোন। সিহঁতৰো মনটো ভাল লগাও, অহাটোও একেবাৰে কনফাৰ্মড কৰি দিওঁ।'
'টকা দুহেজাৰেই আছিল। অলপ আগতে এজনক দিলোঁ। এতিয়া এপইচাও নাই নহয়।'
বৰ্মনৰ পুতেকে অৱশেষত বুধি এটা উলিয়ালে। নৃপতি বৰ্মনৰ কবিতাপুথিবোৰ ঠেলাত তুলি মহেন দোকানীৰ ওচৰলৈ নিলে। পাঁচ টকা দৰত আশী কিলো কিতাপ বেচি টকা চাৰিশ পালে। হৰবালা বৰ্মনে সকাহ পালে তেতিয়াহে।
এমএলএ আহিল। মানুহেৰে ভৰি পৰিল নৃপতি বৰ্মনৰ চোতাল। এমএলএ দত্তই ভাষণ আৰম্ভ কৰিলে-'...নৰহৰি বৰ্মনে লিখা কবিতাৰ মান বহুত ওপৰত। অসমীয়া সাহিত্যত লক্ষ্মীনাথ বেজবৰুৱাৰ পিছতে মই তেখেতক স্থান....'
কোনোবা এজনে এমএলএ'ৰ কাণে কাণে কৈ গ'ল-'ছাৰ, নৰহৰি নহয়। নৃপতি বৰ্মন। নৰহৰি তেওঁৰ ককায়েক, আজিৰ সভাৰ সভাপতি। কাষতে বহি আছে।'

সন্ধিয়ালৈ মিটিং শেষ হ'ল। এমএলএ যোৱাৰ পিছত সকলো ঘৰা-ঘৰি গ'লগৈ। যুৱক সংঘৰ দুজনমানে মৎস্যস্পৰ্শলৈ অনা খাহী দুটাৰ ওজন কিমান হ'ব পাৰে অনুমান কৰি বাজী মাৰিছে।
কোনোবা এজনে নৃপতি বৰ্মনৰ ফ'টোখন ডাঙি আনি চৰাঘৰৰ মেজখনৰ ওপৰতে থলে। সন্মুখত চাকি এগচিও জ্বলালে। চৰাঘৰৰ মাটিতে বহি আছে হৰবালা বৰ্মন। সকলোৰে মুখত স্বামীৰ গুণগান শুনি চকুপানী ৰখাব পৰা নাই।
জোৰেৰে বতাহ বলিছে। খিৰিকীৰ দুখন গ্লাছ ভগা। সেইফালেৰে বতাহ সোমাইছে, চাকিগচি নুমাও নুমাও হ'ল। 'এইমাহৰ দৰমহা পালে এই গ্লাছবোৰ লগাব লাগিব'-নৃপতি বৰ্মনে কোৱা কথাষাৰ মনত পৰিল হৰবালাৰ।
পুতেকে নৃপতি বৰ্মনৰ ডাঙৰ ফ'টোখন ডাঙি নি খিৰিকীখনৰ সন্মুখতে থলে।
''টোখন ইয়াতে ৰাখিলে হ', বতাহ আৰু নুসুমায়!'


Friday 6 December 2013

"দেৱাল লিখন"



'হেৰা, তুমি ঠিকেই শুনিছাতো? মাজনীয়ে কাৰ লগত কথা পাতি আছিল?'
'ঠিকেই শুনিছো অ'... সেই বিকি বান্দৰটোৱে হেনো আমাৰ দেৱালখনত অলপ আগতে কিবাকিবি লিখি থৈ গৈছে। সেইকথাটোৰ ওপৰতে তাই লগৰ এজনীৰ লগত ফোনত চিঞৰি চিঞৰি আলোচনা কৰি আছিল। মাজনীৰ লগৰজনীয়ে হয়তো আমাৰ ঘৰৰ আগেৰে যাওতে দেখিলে...'-বৰুৱানীয়ে ফুচফুচাই ক'লে বৰুৱাক।
'ছেহ..দুদিন আগত দেৱালখনত ধুনীয়াকৈ বগা ৰঙ দিছিলোঁহে। কি বা লিখিলে! মোৰ কথা নে তাইৰ কথা?'
'নাজানো। ভাল কথাতো নহ'বই কিজানি, নহ'লে মাজনীৰ ইম্মান খঙ উঠে নে! মই কৈছিলোৱেই দেৱালখনত ৰঙ-চঙ একো দিব নালাগে, তেনেকৈয়ে থাকক। তুমিহে...'
''বা হে..ৰঙ দিয়াৰ পিছত কিমান ধুনীয়া দেখাইছে। মইনো কেনেকৈ জানো কোনোবাই যে দেৱালত কিবাকিবি লিখি থৈ যাব বুলি।...আৰু এটা কথা, মাজনী এতিয়া কলেজ পাইছে। তুমি অলপ চকু দিবা। ল'ৰা-চ'ৰাৰ লগত বেছি হলিগলি ভাল নাপাও। এই বিকিটোৰ লগত কি সম্পৰ্ক তাইৰ? কিবা প্ৰেম-চেম....?'
'কি যে কোৱা, কিয়নো হ'ব। তাই দেখোন তাক 'বিকি বান্দৰ' বুলি চিঞৰি আছিল।'
'একো ক'ব নোৱাৰি। তোমাৰ বায়েৰাৰ ছোৱালীজনীয়ে দেখোন হ'ব লগা দৰাজনক ফোনত 'তুমি ইমান ষ্টুপিড..ইমান মূৰ্খ..ইডিয়টৰ দৰে কথা নক'বা...এক থাপৰ দিম...'-এনেকৈয়ে কথা কয়। আজিকালিৰ ছোৱালীৰ প্ৰেমৰ ভাষা বুজি নাপাও আমি।
'মাজনী ৰুমত শুইছে। এতিয়া বাৰটা বাজিবৰ হ'ল। দেৱালত কি লিখিছে চাওগৈ ব'লা..'
'নাই নাই, এই মাজৰাতি কোনোবাই দেখিলে ভয়ানক কথা হ'ব। তাতকৈ একেবাৰে আন্ধাৰে-পোহৰে গৈ যি যি লিখিছে, চব মচিব লাগিব। বগা ৰঙ অলপ আছেই। সেইখিনি ওপৰে ওপৰে লগাই দিম'
'হে প্ৰভূ, কি লিখিছে কাৰো চকুত যেন পৰিবলৈ নিদিয়া, নহ'লে আমাৰ লাজ-মান নাথাকিব।'-বৰুৱানীয়ে সেৱা কৰিলে দুবাৰমান।
বৰুৱাৰ সেইৰাতি টোপনি নাহিল। বহু পুৰণি কথা মনত পৰিল তেওঁৰ। এবাৰ কলেজত থাকোতে প্ৰিন্সিপালৰ লগত কাজিয়া লাগি খঙতে তেওঁ প্ৰিন্সিপালৰ কাষৰ দেৱালখনত লিখি আহিছিল ৰাতি-'প্ৰিন্সিপালৰ ৰুমটো বৰ্তমান প্ৰসাৱগাৰ হিচাপে ব্যৱহাৰ কৰি সুখ লওক'। কম হাঁহাকাৰ লাগিছিল নে সেইবাৰ। বিকিয়ে বাৰু তেনেকুৱা কিবাই লিখি থৈ গ'ল নেকি?
পুৱা চাৰিটাতে মূৰে-গায়ে কাপোৰ লৈ বৰুৱা-বৰুৱানী বাহিৰলৈ ওলাল। টেনশ্যনত মুখ শুকাই আছে দুয়োৰে। হাতত তিনিবেটাৰীৰ টৰ্ছ লৈ বৰুৱানী আগে আগে, ৰঙৰ টেমা আৰু ব্ৰাছ লৈ পিছে পিছে বৰুৱা। ঘৰৰ চাৰিওফালৰ দেৱালখনৰ এক-এক ইঞ্চি চাই গ'ল। নাই, কিন্তু ক'তো একো লিখা থকা নেদেখিলে। প্ৰায় এঘন্টামানৰ পিছত দুয়ো আহি জীয়েকৰ কোঠা পালে।
'মাজনী, উঠ উঠ....লগৰজনীয়ে আমাৰ ঘৰৰ দেৱালত কি লিখা দেখিছিল?'
'আমাৰ ঘৰৰ ৱাল? কি বকি আছা, মা?'
'নহয় অ'..কালি যে ফোনত কৈ আছিলি, বিকি বান্দৰটোৱে ৱালখনত কিবা লিখি থৈ যোৱা বুলি...'
'ও মা-পাপা, তোমালোক ইম্মান আউটডেটেড! আমাৰ ঘৰৰ ৱাল'ৰ কথা কোৱা নাই, মোৰ ফে'চবুকৰ ৱাল মানে টাইমলাইনৰ কথা কৈছিলোঁ। কিমান কৈ থাকো ফে'চবুকটোতো এটলিষ্ট শিকি লোৱা, নাই।...এতিয়া যোৱা ৰাতিপুৱা ভালকৈ বুজাই দিম।...ইমান পুৱাতে মাতি মুড নষ্ট কৰি দিলা'
বৰুৱাহঁতে একো বুজি নাপালে। বৰুৱাই লাহেকৈ ক'লে- ফে'চবুকৰেই হওঁক বা ঘৰৰেই হওঁক, নিজৰ দেৱালখন পৰিস্কাৰ হৈ থাকিব লাগে। বেলেগে কিবাকিবি লিখি যাব বা ফ'টো-চ'টো লগাই যাব, সেইটো কথা হ'ল নেকি? শুন, তোৰ সেই ৱালখনতো সকলোৰে চকুত পৰাকৈ ডাঙৰকৈ লিখি থবি, "দেৱাল-লিখন নচলিব...ষ্টিক নো বিলচ"!
© দিগন্ত কুমাৰ ভট্টাচাৰ্য

Tuesday 1 October 2013

"বহি:ৰাজ্যত আপোন ছবি : ব্যক্তিগত অনুভৱ"

পুণেৰ ফিনিক্স মলৰ পৰা ওলাই ৰাস্তাটো পাৰ হৈ বিপৰীত দিশে গ'লোঁ। তাতে চুক এটাত ঠেলাগাড়ী এখনত এজনে চাহ বিক্ৰী কৰে। মই প্ৰায়েই চাহ খাওঁ ইয়াত। আদা-তেজপাত মিহলাই কৰা চাহকাপৰ মজাই বেলেগ। কেফে কফি ডে' (চিচিডি)ৰ 'বিগ বাজেট'ৰ কফি কাপতকৈ ইয়াৰ ছয়টকীয়া চাহকাপ খাই এক বেলেগ তৃপ্তি পাওঁ। ঠিক সেই সময়তে 'পিএমটি'ৰ বাছ এখন ৰ'ল। মোৰ এনেকুৱা লাগিল মলিয়ন গামোচা মূৰত বান্ধি এইমাত্ৰ যেন হেণ্ডিমেনজনে নামি আহি চিঞৰিব - 'কাছাৰী, মালিগাঁৱ, আদাবাৰী..খালী গাড়ী, খালী গাড়ী...', ঠিক ব'ঞ্জোই অলপ আগতে চিঞৰাৰ দৰে। হয়, মই তেতিয়াও কিছুসময় আগতে ফিনিক্সৰ 'পিভিআৰ'ত উপভোগ কৰি অহা অসমীয়া কথাছবি 'লোকেল কুংফু'ৰ পৰা চাগে ওলাবই পৰা নাছিলোঁ। পুণেৰ ৰাস্তাত ঠিয় হৈয়ো মোৰ সেই মূহুৰ্তত অসমত থকা যেন লাগিছিল, মোৰ চাৰিওফালে যেন বিচৰন কৰি ফুৰিছে চাৰ্লি, দুলু, ব'ঞ্জো আদি চৰিত্ৰসমূহে।

কলেজত থাকোতে শুক্ৰবাৰে চিনেমা নোচোৱাটো এক ডাঙৰ পাপ আৰু অসমীয়া চিনেমা হ'লে এঘাৰবজাৰ 'ফাৰ্ষ্ট শ্বো' নাচালে হ'ব পৰা মহাপাপ'ৰ যেন প্ৰায়শ্চিত্ত: নাই - এনে ভাব আছিল আমি কেইজনমানৰ। শুক্ৰবাৰে ক্লাছ পোৱা এজন ছাৰে এবাৰ কৈছিলেই - 'তুমি দেখোন ৰেগুলাৰলি ইৰেগুলাৰ হে মোৰ ক্লাছত'! কলেজ আৰু অসম এৰাৰ প্ৰায় দহবছৰ পিছত প্ৰথমবাৰৰ বাবে অসমীয়া ছবি হলত চোৱাৰ সৌভাগ্য ঘটিল, তাৰ বাবে 'লোকেল কুংফু'ৰ লগত জড়িত সকলোকে আন্তৰিক ধন্যবাদ! হয়তো বহি:ৰাজ্যত নিজ মাতৃভাষাৰ ছবি চাবলৈ পাই উৎসাহৰ সীমা নাছিল বাবে ছবিখন একে আষাৰে 'এখন উপভোগ্য ছবি' বুলি ক'ম তথাপিও 'লোকেল কুংফু' এখন কাৰিকৰী ত্ৰুটিশূন্য, সৰ্বাংগসুন্দৰ, লেখত ল'বলগীয়া ছবি বুলি ক'লেও অত্যুক্তি কৰা হ'ব।

ছবিখনৰ কাহিনী সৰল-সাধাৰণ যেন অসমৰ ঘৰৰ কাষৰ নিচেই চিনাকী কেইজনমান যুৱকৰ একো একোটি ঘটনাৰহে মিশ্ৰণ। ইয়াত খলনায়কজনো অতি সাধাৰণ- যিজন ভয়ংকৰ চেহেৰাৰ নহয়, যিয়ে নিজৰ ভায়েকক মদ খোৱাৰ বাবে কোবায় অথবা যিজনে নায়িকা চকুৰ আগেৰে দৌৰি আঁতৰি গ'লেও খেদি গৈ 'জবৰদস্তি' কৰাৰ চেষ্টা নকৰে। ছবিখনৰ প্ৰায়বোৰ দৃশ্যই দৰ্শকক হাঁহিৰ খোৰাক দিয়াত সফল হৈছে, তাৰ ভিতৰত মিক্সিত ভাত-ডাইলৰ লগতে ডেইৰী মিল্ক চক'লেট দি গুড়ি কৰা, ক'ফিৰ দোকানত মন্টি আৰু মন্টিৰূপী চাৰ্লিৰ লগত নায়িকাৰ খুড়াকৰ কথোপকথন, শেষত এজনে চাধা মাৰি আহি তানসেনক 'কি হে, মাৰ খালাক' বুলি সোধা আদিবোৰ বিশেষভাবে উল্লেখযোগ্য। লগতে শেষৰ 'একচন ছিকুৱেঞ্চ'কেইটাই ছবিখনক এক বেলেগ মাত্ৰা দিছে বুলি ক'লে নিশ্চয়কৈ বঢ়াই কোৱা নহয়। নায়ক কেনী বসুমতাৰীৰ অভিনয় সুন্দৰ। ব'ঞ্জোৰ মুখখন বহুদিনলৈ মনত থাকিব, তেওঁৰ ভৱিষ্যত উজ্জ্বল বুলি ক'লে ভুল কোৱা নহ'ব। দুলু, ভবানন্দ দাস আদি চৰিত্ৰত অভিনয় কৰা সকলোৱে নিজৰ সাধ্য অনুযায়ী ভাল অভিনয় কৰিছে। কিছু দৃশ্যত অভিনেতা-অভিনেত্ৰীৰ সংলাপ প্ৰক্ষেপনত জড়তা চকুৰ পৰা সাৰি যাব পৰা নাই যদিও সকলোৱে আন্তৰিকতাৰে 'নিজৰ ছবি' বুলি কৰা প্ৰয়াসৰ বাবে সেই সকলোবোৰ 'মাফ' কৰি দিব পাৰি।
পৰিচালক হিচাপে কেনী বসুমতাৰী যথেষ্ট সফল বুলিয়েই ক'ব লাগিব। হাবিয়াস থাকিলেও বাজেটৰ সীমাবদ্ধতাৰ বাবে হয়তো কিছু দৃশ্য-দৃশ্যাংশ অধিক উন্নত কৰিবলৈ সক্ষম নহ'ল। কিন্তু ভৱিষ্যতে তেওঁৰপৰা অসমৰ ৰাইজে যেন এখন হ'লেও সৰ্বাংগ-সুন্দৰ কথাছবি উপহাৰ হিচাপে পাব, সেয়া নিশ্চিত:। তাৰ বাবে অৱশ্যেই কেনীক প্ৰয়োজন হ'ব অসমৰ চলচ্চিত্ৰপ্ৰেমী ৰাইজৰ উৎসাহ তথা সহযোগিতা!