Monday 2 September 2013

গাতাৰি অমাৱশ্যা


কালি অ'ফিচত লগৰ এজনে সুধিলে, 'আজি কিমান খাবি?? তহঁত ক'লকাতাৰ বেংগলীবোৰেতো খুউব 'নন-ভেজ' খাৱ..মছলী-ফিছ...'।
তাক আকৌ এবাৰ সোঁৱৰাই দিব লগা হ'ল -বেংগলী নহয়, অসমীয়া.. আৰু ক'লকাতা নহয়, অসম। সদায় ক'ব লাগে, পাহৰি যায়। সুধিলোঁ কালি কিয় বেছিকৈ খাম? সদায়তো খাওঁৱেই অলপ চলপ। তেতিয়া সি বুজাই ক'লে যে আজিৰপৰা শ্ৰাৱণ মানে শাওনৰ মাহ আৰম্ভ। এই শাওন মাহটো মহাৰাষ্ট্ৰৰ লোকসকলে অতি পৱিত্ৰ জ্ঞান কৰে। সম্পূৰ্ণ মাহটোত তেওঁলোকে আমিষ খাদ্য গ্ৰহণ নকৰে আৰু সুৰাপান নকৰে। গতিকে শাওন মাহৰ আগৰ অমাৱশ্যাৰ দিনা (আৰু তাৰ দুদিন আগৰপৰাই) তেওঁলোকে হেঁপাহ পলুৱাই (মানে ডিঙিলৈকে অহাকৈ) মাছ-মাংস খায়। যিসকলে সুৰাপান কৰে সেইসকলে সেইদিনা বটলে বটলে খায় (পি'য়ে)। সহজ ভাষাত ক'বলৈ গ'লে 'আউট' হোৱাৰ পিছতো খাই খাই জ্ঞান হেৰুৱাই নলা-নৰ্দমাত (gutter) পৰি ৰাতিটো হেনো তাতেই শুই থাকে আৰু সেই বাবেই এই অমাৱশ্যাৰ ৰাতিটোক তেওঁলোকে 'গাতাৰি অমাৱশ্যা' (gutter->gatari) নাম দিছে। বহু মদাপীয়ে এই অমাৱশ্যাৰ চান্সটো লৈ হেনো প্ৰায় এসপ্তাহ ধৰি খায়েই থাকে। যিমানে নিচা নালাগক বা য'ৰ ত'ৰ নলা-নৰ্দমাৰপৰাই উঠি নাহক কিয়, ঘৰতো হেনো কোনেও একো নকয়।
মহাৰাষ্ট্ৰত থকা মোৰ প্ৰায় নবছৰ হ'ল আৰু এই 'গাতাৰি অমাৱশ্যা'ৰ বিষয়ে আগতে শুনিছিলোঁ যদিও কালিহে সহকৰ্মীজনৰ মুখে ইয়াৰ আঁৰৰ বাখ্যাটি শুনিলোঁ। 
বিশ্বাস চাগে নকৰিব কিন্তু এইটো লিখি থকাৰ সময়তে দুজন সহকৰ্মীয়ে ফোন কৰি জনালে যে আজি সিহঁত অ'ফিচলৈ নাহে। খাই-বৈ ৰাতিপুৱাহে হেনো ঘৰত সোমাইছে, এতিয়া দিনটো শুব !

No comments:

Post a Comment