Monday 2 September 2013

ভাবী শহুৰৰ লগত এদিন

আমাৰ সহপাঠী এজনৰ কাহিনী, নাম তাৰ আনিশ। বাংগালোৰত থাকে। ছফ্টৱেৰ কোম্পেনী এটাত কাম কৰে। তাৰ চাকৰি কৰাৰ তিনিবছৰমান হোৱাত গুৱাহাটীৰ ঘৰৰপৰা পষেকে-মাহেকত দুই-তিনিখনকৈ ছোৱালীৰ ফ'টো পঠায়। বিয়াৰ বাবে। মাকহঁতে ক'লে- তাৰ কোনোবাজনীৰ ফ'টো চাই পচণ্ড হ'লে তেওঁলোকে ঘৰৰপৰা আগবাঢ়িব। তাৰো পচণ্ড নহয় হে নহয়। এদিন দেউতাকে ফোন কৰি ক'লে যে এজনী ছোৱালীৰ খবৰ পাইছে। ছোৱালীজনীৰ দেউতাকজন হেনো সেই সময়ত বাংগালোৰতে আছে আৰু তাক প্ৰথমতে লগ কৰিবলৈ বিচাৰে। তাৰ খং - সি কিয় ছোৱালীৰ দেউতাকক লগ কৰিবলৈ যাব। শেষত উপাই নাপাই সি মান্তি হ'ল।
সেইদিনা তাৰ বহুত কাম অ'ফিচত। ছোৱালীৰ দেউতাক তাৰ অ'ফিচলৈ আহিল। সি লগ কৰিলে। তাৰ তেতিয়া ভীষণ ভোক লাগিছিল। সি কাষতে থকা 'বিৰিয়ানি হাউচ'লৈ গ'ল ভাবী 'শহুৰ'ৰ লগত। ভিতৰত চিকেন-মটনৰ মলমলীয়া গোন্ধ!

'দুটা ফুল চিকেন বিৰিয়ানি' - সি অৰ্ডাৰ দিলে। ছোৱালীৰ দেউতাক অবাক। সিহঁত জৈন সম্প্ৰদায়ৰ। মাছ-মাংস কিয় পিয়াজো নাখায়।
'তুমি নন-ভেজ খোৱা?'
'মাজে মাজে খাওঁ। ৰুমত ভাত ৰান্ধিবলৈ বাইজনী আহিলে খাওঁ। তাই 'নন-ভেজ'হে ভাল ৰান্ধে।' আনিশ আচলতে খুব খাৰাংখাচ। কথাবোৰ লুক-ঢাক কৰি ভাল নাপায়।
'অ'কে, তাই মানে কেতিয়াবাহে আহে?'
'নাই, দেওবাৰেহে নাহে।'

ছোৱালীৰ দেউতাকে নিজৰ বাবে ভেজ বিৰিয়ানি অৰ্ডাৰ দিলে। আনিশে চিকেনৰ ঠেঙ এটুকুৰাত আপোনমনে দিলে একামোৰ।

'আৰু ..চিগাৰেট খোৱা চাগে ন? মাজে মাজে?
'হয় মাজে মাজেহে খোৱাৰ সময় পাওঁ। ব্ৰেক টাইমত...'।
'অ' ভাল ভাল...লান্স ব্ৰেকত চাগে ন?'
'নহয় মানে ৰাতিপুৱা আহিয়ে কাৰ্ডখন শ্বাইপ কৰি ব্ৰেক এটা লওঁ অ'ফিচৰ তলৰে চাহৰ দোকানখনত....তাৰ পিছত আহি ই-মেইলবোৰ চেক কৰি আকৌ এটা ব্ৰেক...ই-মেইলবোৰৰ ৰিপ্লাই কৰি আকৌ এটা....মাজে মাজে অ'ফিচৰ স্ম'কিং জ'নত মেচিনৰ কফি খাই দুই-এটা ব্ৰেক...লান্স....আবেলিৰ চাহ দুই-তিনিবাৰ....ৰাতি ৰুম যোৱাৰ আগত এবাৰ...আৰু ৰুম যোৱাৰ পিছততো ব্ৰেকেই ব্ৰেক...' আনিশে হাঁহিলে মিচিকিয়াই।

'হুমম.. ড্ৰিংকছ কৰা চাগে কেতিয়াবা?'
'অ' সেইবিধ কেতিয়াবাহে। মানে উইকএণ্ডত...'
'ভাল..অকল শনি আৰু দেওবাৰ?'
'আমি আকৌ শুক্ৰবাৰ সন্ধিয়াৰে পৰা উইকএণ্ড আৰম্ভ কৰি দিওঁ। কেতিয়াবা শুক্ৰবাৰ অহাৰ ফূৰ্ত্তিতে বৃহস্পতিবাৰ ৰাতিৰ পৰাই 'উইকএণ্ড চেলিব্ৰেচন' আৰম্ভ হৈ যায়।'
'তোমাক লগ পাই যে কিমান ভাল লাগিল!' - বুলি কৈ ছোৱালীৰ দেউতাক গ'লগৈ। আনিশে উগাৰ এটা মাৰি মহাসুখে চিগাৰেট এটা জ্বলালে।

সেইদিনা আছিল শুক্ৰবাৰ। ৰাতি তাৰ ৰুমত পাৰ্টি চলিল। পিছদিনা ৰাতিপুৱা সাতমান বজাত আনিশৰ মোবাইলটো বাজি উঠিল। বহুসময় বজাৰ পিছত সাৰ পালে সি।
ফোনটো উঠালে- 'হেল্লো...'
'আনিশ, দেউতাৰাৰ পৰা নাম্বাৰটো ল'লোঁ। অলপ কথা আছিল।'
'কোন অ' এই ৰাতিপুৱাই...' - টোপনি আৰু আগদিনাৰ নিচাত ক'লে সি।
'মই...মানে হেৰিৰ দেউতাক...' - ফোনৰ আনটো মূৰত ছোৱালীৰ দেউতাক।
'অ' কওঁকচোন'
'এতিয়ালৈ শুয়েই আছা নে? মাতটো শুনি শুই থকা যেন লাগিছে'।
'হে: হে: কালি সোনকালে মানে দুইবজাত শুবলৈ যোৱা বাবেহে ফোনটো উঠাব পাৰিলোঁ। এনেয়ে শনি বা দেওবাৰে আমি এইটো সময়ত শুবলৈ যাওঁহে.....'।

ছোৱালীৰ দেউতাক মানে তাৰ ভাবী শহুৰে লগে লগে ফোনটো কাটি দিলে।

(এইটো সম্পূৰ্ণ সত্য ঘটনা। আমাৰ আন এজন সহপাঠীয়ে আজি আনিশৰ এনেকুৱা কথা কিছুমান তাৰ ব্ল'গত লিখিছিল। মই অলপ বহলাই লিখিলোঁ ইয়াত) 

©দিগন্ত কুমাৰ ভট্টাচাৰ্য 

1 comment:

  1. খুৱ ভাল লাগিল পঢ়ি,মই সৰু সৰু এনেকুৱা গল্প বা নিজৰ জীৱনত হোৱা সৰু বৰ ঘটনা পঢ়ি ভাল পাও ৷ আপুনি খুৱ ধুনীয়া লিখে ৷

    ReplyDelete