Saturday 7 December 2013

"কবি নৃপতি বৰ্মনৰ আদ্যশ্ৰাদ্ধ"

নৃপতি বৰ্মন ঢুকোৱাৰ দুদিন পিছত ওচৰৰে যুৱক সংঘৰ কেইজনমান আহি বৰ্মন পত্নী হৰবালাক কথাটো ক'লে।
'বৰ্মন ছাৰে জীয়াই থাকোতে একো নাপালে বুলিয়েই ক'ম। ইমানসোপা কবিতা লিখিলে, কিতাপ ছপালে কিন্তু অসম কিয় আমাৰ এই অঞ্চলৰ বহুতেই তেওঁক নাজানিলে। সেয়েহে আদ্যশ্ৰাদ্ধটো আমাৰ ফালৰপৰাই ডাঙৰকৈ পাতিম ইয়াত। ইয়াৰে এমএলএ দত্তদাতো আমাৰেই মানুহ, আহিব। চেনেলৰ মানুহ মাতিম, এমএলএ আহিলে সিহঁতো দৌৰি আহিব। টিভিত নেদেখুৱালে এইবোৰৰ একো প্ৰচাৰ নাই। আপোনালোকৰ কিবা অসুবিধা...?'
হৰবালা বৰ্মনৰ দুচকুৰে দুটোপাল অশ্ৰু নিগৰি আহিল। হয়, মানুহজনে জীৱনত একোৱেই নাপালে। প্ৰাইমেৰী স্কুলখনতো পোন্ধৰবছৰ বিনা পইচাতে খাতিলে। এতিয়া দুবছৰ বাকী থাকোতেই ঢুকাল। দুটা ৰুমৰ ঘৰটোৰ মজিয়াকেইখন পকী কৰা নহ'লেই। ল-ছোৱালী দুটি সৰু হৈয়ে আছে, কলেজতে পঢ়ে। জমা পইচা বুলিবলৈ খুব বেছি পাঁচহাজাৰ। পইচানো কেনেকৈ জমা কৰিব। বছৰেকত দুখনকৈ কবিতাপুথি প্ৰকাশ কৰে। কবিতা লিখাটো তেওঁৰ বিৰাট চখ আছিল। দোকানত কিতাপবোৰ দিবলৈ গ'লে দোকানীয়ে হেনো কয়,' আজিকালি সকলোৱে কবিতা লিখে আৰু কিতাপ উলিয়ায়। আমাৰ ৰাখিবলৈ ঠাই নাই।' তেওঁ দুখ পায়। ঘৰৰ এটা ৰুম অকল তেওঁৰ কিতাপেৰেই ভৰি আছে। এতিয়া মৃত্যুৰ পিছত যুৱক সংঘৰ ল'ৰাবোৰ আগবাঢ়ি অহা দেখি মনতে খুব সন্তোষ পালে হৰবালা বৰ্মনে।

পিছদিনা যুৱক সংঘৰ সদস্যকেইজন আহিল পুনৰ।
'এমএলএ ছাৰ অহাটো ফাইনেল কৰিলে। আচলতে বাইদেউ, আমি এইবাৰ সংঘৰ এনুৱেল মিটিঙত তেওঁক সম্বৰ্ধনা দিয়াৰ কথা ভাবিছিলোৱেই। কিন্তু ছাৰে তাৰ আগতে সিপু্ৰীলৈ 'টিকেট' কাটি দিলে নহয়!'
'বৰ্মন ছাৰৰ ফ'টো এখন আছে যদি দিবচোন। এনলাৰ্জ কৰি বন্ধাব লাগিব কাপোৰেৰে। দীঘলে-বহলে কমেও একমিটাৰ মান হ'ব লাগিব...'
'ইমান ডাঙৰ ফ'টো লাগিব জানো? সেইখন পিছত ক'ত ৰাখি থম?'
'লাগিব, মানুহে দূৰৈৰপৰাই দেখিব লাগিব। টিভিতো দেখুৱাব নহয়। সৰু হ'লে ভাল নালাগিব। অলপ খৰচ আছে অৱশ্যে।'
'আমাৰ সংঘৰে এজনৰ টেন্ট হাউচ আছে। সিয়েই টেবুল-চকী, পেণ্ডেলৰ কাম কৰি দিব। পেণ্ডেলটো অলপ ভাল নহ'লে বেয়া দেখিব, এমএলএ ছাৰো অহা কথা আছে যে। তাক আপোনালোকে দহ পাৰ্ছেন্ট কমকৈ দিলেও হ'ব..'- আন এজনে ক'লে।

'এমএলএ ছাৰ আকৌ সিদিনা ইয়াৰপৰাই বাহিৰে বাহিৰে ধুবুৰী যাব। ইয়াতে জলপান কৰি যাম বুলিছে। বেছি একো নালাগে। সৰভোগৰপৰা দৈ, মিঠাই, কোমল চাউল অৰ্ডাৰ দিলে হ'ল। লুচী-পনিৰ আমাৰ শৰ্মা ৰান্ধনিয়ে কৰি দিব। তেওঁক কৈছোৱেই আমি।'
হিচাপ-নিকাচৰ দীঘলীয়া লিষ্ট এখন দি সংঘৰ ল'ৰাকেইজন গ'লগৈ। হৰবালা বৰ্মনে পুতেকক মামাকৰ ঘৰলৈ পঠালে সেই ৰাতিয়েই। মামাকহঁতে টকা পাঁচহেজাৰ দিলে। পেহীয়েক দুজনীয়ে মিলি দহহেজাৰ গোটাই দিলে। বজাৰ-সমাৰ লিষ্টমতেই কৰা হ'ল।
আদ্যশ্ৰাদ্ধৰ দিনা পুৱাৰে পৰাই ধাৰাসাৰ বৰষুণ। সংঘৰ যুৱক এজন দৌৰাদৌৰিকৈ আহিল।
'বাইদেউ, বৰ বেয়া কথা হ'ল। ৰাষ্টাৰপৰা আপোনালোকৰ ঘৰলৈ সোমাই অহা আগফালৰ ঠাইখিনিত বোকা হৈছে। এমএলএ ছাৰ আহিবলৈ কষ্ট পাব। শ্যাম ঠিকাদাৰক এক ট্ৰাক সৰু শিলৰ কথা কৈছো পেলাই দিবলৈ তাতে। আমি ক'লে পি.ডব্লিউ.ডিৰ মানুহে ফ্ৰীতে কৰি দিলেহেঁতেন, কিন্তু এতিয়া সময় নাই।' হৰবালাই টকা দুহেজাৰ দিলে তাক।

শ্ৰাদ্ধৰ কাম পূৰ্ণগতিত চলি আছে। শৰ্মা ৰান্ধনীয়ে ৰন্ধা মটৰ-পনীৰৰ সুগন্ধি দূৰলৈ বিয়পিছে। কবি নৃপতি বৰ্মনৰ প্ৰায় একমিটাৰ মান আহল-বহল ডাঙৰ ফ'টো এখন মেজৰ ওপৰত আনি ৰাখিলেহি সংঘৰ যুৱক এজনে।
'বাইদেউ, সৰু বিপদ এটা হ'ল। চেনেলৰ মানুহকেইটাৰ হেনো আন এটা এপ'ন্টমেন্ট আছে। টাউনলৈ যাব লাগে। মই জোৰ দি কৈছোঁ। টকা তিনিশমান আছে যদি দিবচোন। সিহঁতৰো মনটো ভাল লগাও, অহাটোও একেবাৰে কনফাৰ্মড কৰি দিওঁ।'
'টকা দুহেজাৰেই আছিল। অলপ আগতে এজনক দিলোঁ। এতিয়া এপইচাও নাই নহয়।'
বৰ্মনৰ পুতেকে অৱশেষত বুধি এটা উলিয়ালে। নৃপতি বৰ্মনৰ কবিতাপুথিবোৰ ঠেলাত তুলি মহেন দোকানীৰ ওচৰলৈ নিলে। পাঁচ টকা দৰত আশী কিলো কিতাপ বেচি টকা চাৰিশ পালে। হৰবালা বৰ্মনে সকাহ পালে তেতিয়াহে।
এমএলএ আহিল। মানুহেৰে ভৰি পৰিল নৃপতি বৰ্মনৰ চোতাল। এমএলএ দত্তই ভাষণ আৰম্ভ কৰিলে-'...নৰহৰি বৰ্মনে লিখা কবিতাৰ মান বহুত ওপৰত। অসমীয়া সাহিত্যত লক্ষ্মীনাথ বেজবৰুৱাৰ পিছতে মই তেখেতক স্থান....'
কোনোবা এজনে এমএলএ'ৰ কাণে কাণে কৈ গ'ল-'ছাৰ, নৰহৰি নহয়। নৃপতি বৰ্মন। নৰহৰি তেওঁৰ ককায়েক, আজিৰ সভাৰ সভাপতি। কাষতে বহি আছে।'

সন্ধিয়ালৈ মিটিং শেষ হ'ল। এমএলএ যোৱাৰ পিছত সকলো ঘৰা-ঘৰি গ'লগৈ। যুৱক সংঘৰ দুজনমানে মৎস্যস্পৰ্শলৈ অনা খাহী দুটাৰ ওজন কিমান হ'ব পাৰে অনুমান কৰি বাজী মাৰিছে।
কোনোবা এজনে নৃপতি বৰ্মনৰ ফ'টোখন ডাঙি আনি চৰাঘৰৰ মেজখনৰ ওপৰতে থলে। সন্মুখত চাকি এগচিও জ্বলালে। চৰাঘৰৰ মাটিতে বহি আছে হৰবালা বৰ্মন। সকলোৰে মুখত স্বামীৰ গুণগান শুনি চকুপানী ৰখাব পৰা নাই।
জোৰেৰে বতাহ বলিছে। খিৰিকীৰ দুখন গ্লাছ ভগা। সেইফালেৰে বতাহ সোমাইছে, চাকিগচি নুমাও নুমাও হ'ল। 'এইমাহৰ দৰমহা পালে এই গ্লাছবোৰ লগাব লাগিব'-নৃপতি বৰ্মনে কোৱা কথাষাৰ মনত পৰিল হৰবালাৰ।
পুতেকে নৃপতি বৰ্মনৰ ডাঙৰ ফ'টোখন ডাঙি নি খিৰিকীখনৰ সন্মুখতে থলে।
''টোখন ইয়াতে ৰাখিলে হ', বতাহ আৰু নুসুমায়!'


No comments:

Post a Comment