আমাৰ লগৰ এজন বেংগালুৰুত থাকে। বিয়াৰ বাবে ছোৱালী বিচাৰি হাবাথুৰি খাইছে। ঘৰতো তাৰ কাৰণে ছোৱালী বিচাৰি আছে। আগৰ দৰে ছোৱালীৰ খবৰ আহিলে আজিকালি আৰু কোনোৱে 'ফ'টো একপি' নুখুজে। ছোৱালীঘৰেও পুৰণি এলবাম খুলি ছোৱালীয়ে আগৰ সৰস্বতী পূজাত ষ্টুডিঅ'ত পিছফালে নিজৰা-পাহাৰ-ফুলনিৰ বেকগ্ৰাউন্ড ছবিৰ আগত তোলা গ্ৰুপ ফোটো এখন ল'ৰাঘৰলৈ পঠিয়া
সিদিনা মাকে ফোন কৰি জনালে চেন্নাইত থকা অসমীয়া ছোৱালী এজনীৰ খবৰ অহা বুলি। নামটো কোৱাৰ লগে লগে বন্ধুৱে ফে'চবুকত ছাৰ্চ কৰি তাইৰ প্ৰ'ফাইল বিচাৰি উলিয়ালে। দেখিলে ৰিলেশ্যনশ্বিপ উইথ - 'থিৰু নাথম মুনুস্বামী'। লগে লগে নাকচ। মাকক ক'লে, অলপ খা-খবৰ নকৰাকৈ যাতে তাক আৰু ছোৱালীৰ কথা নকয়।
কিছুদিন পিছত মাকে আন এগৰাকীৰ খবৰ অহা বুলি ক'লে। নাম হেমলতা তালুকদাৰ, মুম্বাইত থাকে। যোৱাবছৰ এম.এ পাছ কৰি সৰু চাকৰি এটা কৰি আছে।
'তাইৰ মাক-দেউতাক আহিছিল আমাৰ ঘৰলৈ। তই বাবা ফে'চবুকতে চাবিচোন প্ৰথম কেনেকুৱা দেখ। তাৰ পিছত আমি আগবাঢ়িম বাৰু'।
'আগৰজনীৰ দৰে নহয়তো?'
'নাই, নাই...এইবাৰ আমি কিছু খবৰ লৈছো নহয়। একেবাৰে গুণৰ মাণিক বোলে। শান্ত-শিষ্ট, ভদ্ৰ-অমায়িক..মুঠতে সকলো ভাল।' সি মাকৰ পৰা তাইৰ সম্পূৰ্ণ নাম, ঘৰত মতা নাম, ঠিকনা সকলো ল'লে। প্ৰ'ফাইল বিচাৰিবলৈ এইবোৰৰ প্ৰয়োজন হয় কেতিয়াবা।
পিছদিনা বন্ধুৱে অ'ফিচত বহি আঠ ঘন্টা নন-ষ্টপ ফে'চবুকত তাইৰ নামৰ প্ৰ'ফাইল ছাৰ্চ কৰিলে, এইগৰাকীক নাপায়হে নাপায়। নাই, সি বিচাৰি উলিয়াব নোৱাৰিলে তাইৰ প্ৰ'ফাইল। বিমৰ্ষ মনেৰে সি মাকক ফোন কৰি জনালে -'তাই চাগে ফে'চবুকত নাই মা'
'কেনেকৈ হ'ব? তাই আছে। তোৰ ফ'টো হেনো তাই দেখিলেই। দেউতাকে কৈছেতো আজি'
'বেলেগৰ প্ৰ'ফাইলৰপৰা চাইছে চাগে মোক। বহুতে ফে'চবুক বেয়া বুলি প্ৰ'ফাইল নুখুলে যে। তাই অলপ বেছিয়ে সতী-সাবিত্ৰী হ'ব যেন লাগিছে!'
পিছদিনা মাকে তাক ৰাতিপুৱাই ফোন কৰিলে।
'তাই ফে'চবুকত আছে ও...আজি দেউতাকক সুধিলোঁ। পিছে...'
'পিছে কি মা??'
'তাই সম্পূৰ্ণ নামটো হেনো দিয়া নাই ফে'চবুকত....কিবা বেলেগ নাম দিছে'
'কি নাম কোৱা আকৌ...'
'এহ্ নহ'লে এইজনীক বাদ দে, মামাৰাই আন এজনীৰ খবৰো আনিছে।'
'হাৰে.....প্ৰ'ফাইল নামটো নোকোৱা কিয়?'
মাকে সেমেনা-সেমেনিকৈ ক'লে-"হট এণ্ড হানী হেমা"!