ভাবানুবাদ


                                   "শৈশৱৰ অংক"
প্ৰাইমেৰী স্কুল এখনৰ প্ৰথম শ্ৰেণীত ভাৰতী বাইদেৱে অংক শিকাইছে। অংক মানে আচলত নেওতা কেনেকৈ মনত ৰাখিব বা মুখে মুখে কেনেকৈ সৰু সৰু হিচাপ কৰিব লাগে, সেয়া বুজাইছে - একে একে দুই....একে দুয়ে তিনি।
কিছু দেৰিৰ পিছত ভাৰতী বাইদেৱে কণমানি পিংকিক সুধিলে - 'তোমাক মই এটা আপেল দিলোঁ, তোমাৰ লগৰ ৰিংকিয়ে আৰু এটা আপেল দিলে... দাস ছাৰে অলপ পিছত আৰু এটা আপেল দিলে...। তোমাৰ হাতত মুঠ কেইটা আপেল থাকিব?'
পিংকিয়ে অলপ পৰ ভাবিলে। আঙুলিত গণি চাই লাহেকৈ ক'লে -'চাৰিটা'।
ভাৰতী বাইদেৱে ভাবিলে পিংকিয়ে চাগে ভালকৈ প্ৰশ্নটো নুশুনিলে। তেওঁ আকৌ একেই প্ৰশ্নটো সুধিলে। এইবাৰো পিংকিয়ে ভাবি, আঙুলিত গণি একেই উত্তৰেই দিলে -'চাৰিটা'। ভাৰতী বাইদেউ অলপ নিৰাশ হ'ল। ভাবিলে নিজৰ শিকোৱা প্ৰণালীত চাগে কিবা ক্ৰটী ৰৈ গৈছে। কিন্তু ইমান বছৰৰ শিক্ষক জীৱনৰ অভিজ্ঞতাৰ পৰা  তেওঁ কথাটো অলপ বেলেগ ধৰণেৰে ভাবিবলৈ যত্ন কৰিলে।
'আচ্ছা পিংকি, তুমি কি ফল খাই ভাল পোৱা?'
'আঙুৰ!' -তপৰাই উত্তৰ দিলে তাই।
'ঠিক আছে। তোমাক মই এটা আঙুৰ দিলোঁ, তোমাৰ লগৰ ৰিংকিয়ে আৰু এটা আঙুৰ দিলে ... দাস ছাৰে অলপ পিছত আৰু এটা আঙুৰ দিলে...। তোমাৰ হাতত মুঠ কেইটা আঙুৰ থাকিব?'
এইবাৰ পিংকিয়ে আঙুলিত গণি ক'লে -'তিনিটা'।
ভাৰতী বাইদেউৰ মুখত হাঁহি বিৰিঙি উঠিল। মনতে ভাবিলে এনেয়ে মানুহে তেওঁক ভাল শিক্ষয়িত্ৰী বুলি নকয়!
'অংক কেনেকৈ কৰিব লাগে বুজিলা নহয় এতিয়া?'
পিংকিয়ে মূৰ দপিয়ালে।
'ঠিক আছে বাৰু, এতিয়া ধুনীয়াকৈ কৈ দিয়া - তোমাক মই এটা আপেল দিলোঁ, তোমাৰ লগৰ ৰিংকিয়ে আৰু এটা আপেল দিলে ... দাস ছাৰে অলপ পিছত আৰু এটা আপেল দিলে...। তোমাৰ হাতত মুঠ কেইটা আপেল থাকিব?'

পিংকিয়ে পুনৰ কিছুদেৰি ভাবি, আঙুলিত গণি লাহেকৈ ক'লে -'চাৰিটা'। এইবাৰ ভাৰতী বাইদেউৰ খং উঠিল বিৰাট।
'কি?? চাৰিটা কেনেকৈ হ'ব অ'? অলপ আগতে আঙুৰৰ হিচাপ দেখোন ঠিক ক'ব পাৰিলা। আপেলৰ সংখ্যা কেনেকৈ সলনি হ'ব? তিনিটাই নাথাকিব জানো??'
পিংকিয়ে ভয় খালে। তাই কও-নকওকৈ তলৰফালে মূৰ কৰি ক'লে - 'আজি মায়ে টিফিনত আপেল এটা দিছেই। গতিকে তিনিটা আৰু সেইটো মিলাই মুঠতে মোৰ হাতত চাৰিটাই থাকিব।'
ভাৰতী বাইদেৱে মিচিকিয়াই হাঁহি ভাবিলে - সৰল শিশুমনে কেতিয়াবা জটিল অংকবোৰকো সৰল-অজটিল কৰিব পাৰে সুন্দৰকৈ।



"জীয়াৰী"
বিয়াৰ নিশা দত্ত আৰু তেওঁৰ নববিবাহিতা পত্নীয়ে ঠিক কৰিলে পিছদিনা ৰাতিপুৱা তেওঁলোকৰ দুৱাৰত যিয়েই টোকৰ মাৰি নামাতক কিয়, দুৱাৰখন খুলি নিদিয়ে। লাগিলে যিমান ডাঙৰ কাৰণেই নহওঁক কিয়। পিছদিনা ৰাতিপুৱা তেওঁলোকৰ দুৱাৰত টোকৰ পৰিল। বাহিৰত দত্তৰ মাক-দেউতাক। কিন্তু আগ নিশাৰ কথামতে তেওঁলোকে দুৱাৰখন নুখুলিলে। দত্তৰ মাক-দেউতাক এটা সময়ত গুচি গ'ল।
অলপ পিছত দত্তৰ পত্নীৰ মাক-দেউতাক আহি দুৱাৰত টোকৰ দিলে। দত্ত আৰু পত্নীয়ে ইজনে-সিজনৰ মুখলৈ চালে। দত্তপত্নীয়ে উচুপি উচুপি কৈ উঠিল, 'বাহিৰত মোৰ বয়সীয়াল মা-দেউতা তেনেকৈ ৰৈ আছে, মোৰ অকণো ভাল লগা নাই।' দত্তই একো নক'লে, পত্নীক দুৱাৰখন খুলি দিবলৈ ইংগিত দিলে।
বেচ কিছুবছৰ পাৰ হৈ গ'ল। দত্তহঁতৰ চাৰিটা সন্তান হ'ল। প্ৰথম তিনিওটা পুত্ৰ সন্তান। শেষৰজনী কন্যা সন্তান। তাইৰ জন্মৰদিনা দত্তক অতি সুখী দেখা গ'ল। ওচৰ-চুবুৰীয়াক মাতি ভোজ-ভাত খুৱালে। সকলোকে উপহাৰো দিলে। এজন চুবুৰীয়াই সুধিলে তেওঁক, 'হেৰি, আপুনি ছোৱালী এজনী জন্ম হোৱাৰ কাৰণে ইমান ফূৰ্ত্তি কৰিছে যে? আগৰ ল'ৰাকেইজন হওঁতেতো ইমান ফূৰ্ত্তি কৰা নাছিল, কথাটো কি??'
দত্তই হাঁহি মাৰি ক'লে, 'তায়েইতো মোক এদিন দুৱাৰখন খুলি দিব!!'

                                        "লক্ষ্য"

ৰাতিপুৱাতে এটা ত্ৰিশ ফুট মান দীঘল ষ্টিলৰ খুটা গাওঁৰ স্কুলৰ পথাৰখনত পুতা হ'ল। এজনে জখলাৰে উঠি গোটেই খুটাডালত মিঠাতেল ঘঁহি দিলে। আজি গাওঁবুঢ়াই আয়োজন কৰিছে এক বিশেষ প্ৰতিযোগিতা। যিয়ে এই খুটাডাল বগাই ওপৰ পাবলৈ সক্ষম হ'ব তেওঁকেই নি:সন্তান গাওঁবুঢ়াই দান কৰি যাব সমস্ত সম্পত্তি। গাওঁবুঢ়াৰ সম্পত্তিৰ আশাত ওচৰৰ গাওঁৰ পৰাও বহুত আহিছিল কিন্তু তেলেৰে চিপচিপিয়া খুটাডাল দেখি সকলোৰে মন মৰি গ'ল। তাতে আকৌ খুটাত বগোৱাৰ আগেয়ে সকলোৰে গোটেই গাত ঘঁহি দিয়া হ'ব তেল।
সকলোৱে চিঞৰ বাখৰ আৰম্ভ কৰিলে।
'এয়া অসম্ভৱ। কোনেও নোৱাৰে এই কাম'।
'কোনোৱাই দহ ফুটও উঠিব পাৰিলে মই নাম ওলোটাই থম হে'।
'ইয়াত উঠাৰ চেষ্টা কৰি হাত-ভৰি ভগাতকৈ ঘৰলৈ যোৱাই ভাল হ'ব'।
দহজনমান যুৱক আগবাঢ়ি আহিল খুটাত বগোৱাৰ চেষ্টা দিবলৈ।
উপস্থিত সকলোৱে সিহঁতক চাই হাঁহিলে।
'অ' বোপাহঁত, পৰি ককাঁল ভাঙিলে চিৰজীৱন ঘুণীয়া হ'বি'
'মহাজনে সম্পত্তি দিয়াৰ মতলব নায়েই। নহ'লে এই অসম্ভৱ কাম এটা দিয়েনে?'
প্ৰায় সকলোৱে পাঁচফুটৰ বেছি উঠিব নোৱাৰিলে। এজনে কিন্তু প্ৰায় পোন্ধৰ ফুট মান উঠিলে কষ্ট কৰি। মানুহবোৰে চিঞঁৰিলে 'হেৰৌ সাৱধান, ইমান ওপৰৰ পৰা পিচলিলে জান ও যাব পাৰে। লাভ নাই উঠাৰ চেষ্টা কৰি'।
সেইজনো পিচলি পৰিল।
শেষত আহিল এজন খীন-মীন যুৱক। একান্তমনে ওপৰলৈ বগাব ধৰিলে খুটাটো। মানুহবোৰে আকৌ চিঞঁৰিলে। বহুসময় চেষ্টাৰ অন্তত সি ওপৰ পাবলৈ সক্ষম হ'ল। উপস্থিত সকলো হতবাক। তাৰ ওচৰলৈ গৈ সকলোৱে সুধিলে তাক, কেনেকৈ কৰিলে সি এই অসাধ্য সাধন? সি মুখেৰে একো নামাতিলে। তাৰ লগত অহা আন যুৱক এজনে ক'লে 'তাক সুধি বা কিবা ক'লে কেনেকৈ উত্তৰ দিব? সি কানেৰে নুশুনে - 'কলা'।...."

No comments:

Post a Comment