দৈনন্দিন


"জিম, ডায়েটিং আৰু মিছ মোহিনী পাটিল"


 'থাৰ্টি ফ'ৰ? হে: হে:...কমেও থাৰ্টি ছিক্স লাগিব' - ছেলছবয়জনৰ কথা শুনি, তাৰ গুটখা খাই ৰঙা পৰা দাঁত উলিয়াই মৰা হাঁহিটো দেখি টিঙিচকৈ খঙটো উঠি আহিল মোৰ। কিন্তু সি এনেয়ে কোৱা নাই। কিবাকৈহে হৈছে।তথাপিও 'থাৰ্টি এইট'লৈ যোৱাৰ মন নাই, ইজ্জতৰ কথা আছে।
সেয়াই আৰম্ভণি....।
ব'হাগত এদিন অনুপৰ ঘৰত সৰুকৈ বিহু পালন কৰিলোঁ আমাৰ লগৰ কেইজনে পৰিয়ালসহ। লেপটপত বাজি থকা বিহুৰ তালে তালে নাঁচিলে সকলোৱে। মই চোফাতে বহি ফ'টো তোলাত ব্যস্ত। হঠাতে অনুপৰ দুইবছৰীয়া পুত্ৰই মোৰ কাষতে বহিলেহি। আহিয়েই সোমনাথ বড়া ওজা হোৱাৰ প্ৰাৰম্ভিক অনুশীলন মোৰ পেটটোত আৰম্ভ কৰি দিলে।
'সি মানে যোৱামাহত অসম যাওঁতে ঘৰতে থকা ঢোলটো খুউব বজোৱাৰ চেষ্টা দিছিল অ'। তোৰ পেটটো দেখি তাৰ ঢোলটোলৈ মনত পৰি গ'ল চাগে' - অনুপৰ কথাত সকলোৱে হাঁহিলে। ময়ো খুব ফূৰ্তি পাই পেটটো আৰু অলপ তাৰ কাষলৈ নি বজোৱাত সহায় কৰি দিলোঁ। শ্ৰীমতীৰ মুখৰ এক্সপ্ৰেছন দেখিহে অনুভৱ কৰিলোঁ এক ভয়ানক বিপদ সমাগত।
সেই ৰাতিয়েই আহি এওঁ আমি থকা ঠাইৰ আশে-পাশে যিমান 'জিম' আছে তাৰে লিষ্ট এখন তৈয়াৰ কৰি উলিয়ালে ইন্টাৰনেট খুচৰি খুচৰি। মুঠতে মোৰ পেটটো কমাইহে এৰিব। আজিকালি হেনো 'ছিক্স-পেক'ৰ যুগ।
'হৃতিক, ৰণবীৰ সিং কাৰ ছিক্স পেক নাই? আনকি টিভিৰ ছিৰিয়েলৰ এক্টৰকেইটাৰো হেনো ছয় নহ'লেও কেইডালমান পেক থাকেই।‘
'হুহ, আগৰ হিৰোকেইজন কি হিৰো নাছিল? শ্বাম্মী কাপুৰ, সঞ্জীৱ কুমাৰ - এওঁলোকৰ দেখোন পেটটোতেই লুকাই আছিল অভিনয়। আমাৰ যতীন বৰাৰ পেটটো কঁপাই নঁচা 'মনলৈ উভতি আহে ল'ৰালি' তোমাৰ প্ৰিয় নাছিল?' মই বুজাওঁ। এওঁ নুবুজে। এতিয়া হেনো সময় সলনি হৈছে। উপাই নাপাই পিছদিনা পুৱাই জিম'ত এডমিশ্বন ল'লোঁ। ৰাতিপুৱা ৫টাৰ পৰা ডেড়ঘন্টীয়া যুদ্ধ। শৰীৰৰ মঙহ ক্ষয় কৰিবলৈও ইমান কষ্ট!
জিমলৈ যোৱাৰ দিনাৰ পৰা মোৰ দৈনন্দিন জীৱনৰ ৰুটিনখনেই সলনি হৈ গ'ল। আগতে ৰাতিপুৱা আঠমানবজাত শ্ৰীমতীৰ 'চাহ দিছো, চাহ'-শাৰী শুনিলেহে চকু মেলা মই এতিয়া চাৰিবজাত এলাৰ্মৰ কৰ্কশ শব্দবোৰ কাণত সুমুৱাই দিনটোৰ আৰম্ভ কৰোঁ। । তাৰ পিছত যাওঁ ঘৰৰপৰা তিনি কিল'মিটাৰ আঁতৰত থকা 'জিম'টোলৈ। জিমৰপৰা ন' বজাত আহি অ'ফিচলৈ দৌৰা-দৌৰি।
মই খাই ভাল পোৱা মানুহ। 'তই খাবৰ বাবে জীয়াই আছ নেকি' বুলি কোনোবাই সুধিলেও মই কেৰেপ কৰা নাছিলোঁ। কৰিমেই বা কিয়? সপ্তাহৰ সাতদিন নহ'লেও ছয়দিনেই মই মাছ-মাংস বা কণীৰে মোৰ এই নি:কিন পেটটোক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰোঁ। এতিয়া সকলো সলনি হ'ল। এওঁ ইন্টাৰনেটত দিনে-ৰাতি গৱেষণা কৰি লিষ্ট এখন সাজু কৰিছে। প্ৰতি সাজৰ 'ডায়েট লিষ্ট'। মোৰ বয়সৰ-মোৰ ওজনৰ মানুহ এজনে কিমান গ্ৰাম খাব লাগে, কি কি নাখাব লাগে ইত্যাদি। এতিয়া অকল দেওবাৰেহে চিকেন খাবলৈ পাওঁ। তাকো এবাটি চুপৰ দৰে মাংসৰ পানী। বত্ৰিশ দন্তলৈ বেয়াই লগা হৈছে, কিমান দিন যে মূৰ্গীৰ ঠেঙক আক্ৰমণ কৰিব পৰা নাই ইহঁতে। ৰাতি এবাটি ডাইলৰ লগত অলপ সিদ্ধ তৰকাৰী আৰু দুখন ৰুটি। গোটেই ৰাতি পেটটোৱে ভিতৰৰ পৰা কান্দে ডাঙৰকৈ শব্দ কৰি।
মোৰ আকৌ আগৰেপৰাই দেৰিকৈ শুৱা অভ্যাস। ৰাতি এঘাৰবজাৰ এঘন্টীয়া অসমীয়া বাতৰি, তাৰ পিছত প্ৰিমিয়েৰ লীগৰ খেলসমূহ মই কোনোপধ্যে এৰিব নোৱাৰোঁ। এতিয়া শ্ৰীমতীৰ কাঢ়া নিৰ্দেশ- এঘাৰবজাৰ আগেয়ে বিচনাত পৰিবই লাগিব, নহ'লে পুৱা চাৰিবজাত উঠিম কেনেকৈ? তেওঁক বুজাবলৈ চেষ্টা কৰোঁ জীৱন আৰু জিমৰ মাজৰ প্ৰভেদ। নুবুজে।
.................................
'কাৰ ফোন আছিল, ইমানদেৰি যে?'
'নাই, লগৰ এজনীৰ। ক'তনো ইমানদেৰি? পঞ্চলিশ মিনিটমানহে হৈছে'।
'কোন ছোৱালী?'
'মনমোহিনী পাটিল...মই মোহিনী বুলিয়েই মাতো। মোৰ লগত একেলগে জিমলৈ যায়। তাতেই চিনাকী। আমাৰ ৰাষ্টাৰ আনটো মূ্ৰৰ বিল্ডিঙটোতে থাকে।'
'ইস এসপ্তাহতে লগৰ হৈ গ'ল নে?'
'কেতিয়াবা এদিনতো কিবা আপোন যেন লাগি যায় নহয়...। তাই ৰাতিপুৱা মোৰ লগতে বাইকত জিমলৈ যায়। ভাল ছোৱালী।...আৰু তাই কি কয় জানা? মই হেনো জিমলৈ নগ'লেও হয়। মোৰ দেহৰ গঠনটোৰ লগত অলপকৈ ওলাই অহা পেটটো হেনো বিৰাট 'কিউট' লাগে!'
আচলতে মোহিনীৰ কথা কোৱাৰ ভংগীটো ভাল লাগে। দেখাত অপৰূপা বুলি নকওঁ, কিন্তু তাইৰ মুখৰ কিবা এটাই যিকোনো পুৰুষকে সহজে আকৰ্ষণ কৰিব পাৰে। এই 'কিবা'টো কি সেইটো ভাবিয়েই যোৱা দুদিন মনটোৱে হাবাথুৰি খাইছে।
মোহিনীৰ এটা এছ.এম.এছ, এটা ফোনকলৰ কাৰণে মই অপেক্ষা কৰোঁ শ্ৰীমতীৰ চকুত ধূলি দি। কেতিয়াবা ভাব হয় এওঁ যেন সকলো ধৰিব পাৰিছে, তথাপিও মনে নামানে। আজিকালি মোক এলাৰ্মে জগাব নালাগে, নিজে নিজেই সাৰ পাওঁ। যোৱা দহদিনত এটা ডিঅ’ডৰেন্ট শেষ কৰিছো। 'কোনে শুঙিব আহিবনো তোমাৰ গা জিমত? ইমানকৈ সাজি-কাচি যোৱা হৈছা যে?' শ্ৰীমতীয়ে বিচনাৰ পৰাই লক্ষ্য কৰি থাকে। মই নামাতো।
সিদিনা বেলক'নীৰ পৰা তেওঁ দেখিছিল মোহিনীয়ে বাইকৰ পিছফালে উঠিয়ে মোৰ পিঠিয়ে-ডিঙিয়ে সাপৰদৰে হাত দুখনি পকাই ধৰি যোৱাৰ দৃশ্য। মোৰ কেতিয়াবা টেনশ্যন হয়। বুজি নাপাওঁ মই একো অপৰাধ বা পাপ কৰা নাইতো।
দুদিনমানৰ আগৰ কথা। পুৱা আঠমানবজাত ঘৰলৈ উভতি আহি দেখিলোঁ শ্ৰীমতী বহি আছে ছোফাখনত। চকু-মুখ ৰঙা।
'ক'ত গৈছিলা?'
'জিমলৈ আকৌ..কিয় সুধিলা?'
'ময়ো গৈছিলোঁ আজি পুৱা তোমাৰ জিমলৈ। তুমি হেনো যোৱা তিনিদিন জিমলৈ যোৱাই নাই, ইনষ্ট্ৰাক্টৰজনে ক'লে'।
মোৰ টেনশ্যন বাঢ়িল। আজি ধৰা পৰি গ'লো নেকি বাৰু। নাই যি হয় হ'ব, সঁচা কথাটোতো ক'বই লাগিব এদিন।
'মোহিনী অকলে থাকে। তাই আচলতে খুব ল'নলী ফিল কৰি আছে যোৱা দুদিনমানৰ পৰা। সেয়ে তাইৰ ঘৰলৈকে গৈছিলোঁ।...আৰু শুনা মই বিৰিয়ানি খাই ভাল পাওঁ বুলি গম পাই তাই কালি ৰাতি চিকেন বিৰিয়ানি ৰান্ধিছিল। আজি সেয়াই খালো ব্ৰেকফাষ্টত। আহ: কি যে সোৱাদৰ বিৰিয়ানি, ইমান দিনৰ মূৰত খাবলৈ পাই পেটটোৱে কি যে এক তৃপ্তি পাইছে! কালি আলু পৰঠা দিছিলে খাবলৈ...উহ্..আল্টিমেট আছিল!' এওঁৰ চকু দুটা চলচলীয়া হ'ল। মই দৌৰা-দৌৰিকৈ অ'ফিচ যাবলৈ সাজু হ'লোঁ।
সন্ধিয়া অ’ফিচৰ পৰা আহি দেখিলোঁ ডাইনিং টেবুলত লাইৰে ৰন্ধা গাহৰি ফ্ৰাই এক প্লেট!
‘গাহৰি? ক’ত পালা?’
‘আনিলোঁ আকৌ কিনি...ৰাতিলৈ পঠাৰ মাংস আছে, জালুকেৰে ৰান্ধিছোঁ'।
মই হতবাক! ৰাতি চেম্পিয়নছিপ ট্ৰফীৰ ফাইনেল চালোঁ। শুওতে দেৰি হ’ল। উঠোতেও সাত বাজি গ’ল।
‘ছেহ: আজি জিম মিছ কৰি দিলোঁ নহয়...কাইলৈৰ পৰা একদম ৰেগুলাৰলি যাম....'
‘শুনাচোন, মোৰ মতে তুমি আৰু জিমলৈ নগ’লেও হ’ব..এমাহ গ’লা নহয়। বৰ কষ্ট হয় তোমাৰ। খীণাইছাও অলপ.. মুখৰ আগৰ সেই ‘চাৰ্ম’টো নোহোৱা হৈছে। বাদ দিয়া আৰু জিম-ছিম। আৰু পেটটো অলপ থাকিলে তোমাক কিউটেই লাগে..।'

মই মুখেৰে একো নামাতিলোঁ। শ্ৰীমতীয়ে ব্ৰেকফাষ্টত ঘিউত ভজা আলু পৰঠা দিছে। নাই, এখনৰ বেছি খাব নোৱাৰিম। আমাৰ সহকৰ্মী মোহিত আৰু তাৰ ঘৈণীয়েক "মোহিনী পাটিল"ৰূপী শ্ৰেয়াক আজি কে.এফ.চিত খুৱাবলৈ নিব লাগিব। জিমৰ সমস্যাটো সমাধান হোৱাৰ দিনাই সিহঁতক খুৱাম বুলি কথা দি থৈছিলোঁ, বেচেৰাহঁতেও মোক কিমানদিন যে ব্ৰেকফাষ্ট খুৱাব লগা হ’ল!!


                                        দৈনন্দিন
শহুৰ-শাহু আৰু লগতে খুলশালী তিনিজনী আজি পুৱাই অসমৰ পৰা আহি পাইছে। আমাৰ দুজনীয়া কোঠাৰ ফ্লেটটো একেবাৰে ভৰি গ'ল। আধুনিক চহৰীয়া জীৱনৰ ফ্লেট, কেতিয়াবা যেন এনেকুৱা লাগে সোমাই অহাৰ লগে লগে শেষ হৈ থাকিল। বে'লক'নীত গ'লেও সাবধান হোৱাটো অত্যন্ত জৰুৰী নহ'লে মূৰটো অলপ আগ-পিছ কৰিলেই ওপৰ মহলাৰ বেলক'নীত কোনোবাই ধুই মেলি দিয়া গেঞ্জী-অন্তৰ্বাসৰ পৰা পৰি থকা পানীৰ টোপালে আৰামত গাল-মুখ চুমি যোৱাৰ সম্ভাৱনা থাকে। ভাল মুডত থাকিলে সেই টোপালেও অৱশ্যে কেতিয়াবা দীক্ষুৰ 'বৰষুণ বৰষুণ' গানৰ কলিটো মুখলৈ লৈ আহিব পাৰে।
আলহী আহিলে মই বেয়া নাপাওঁ কিন্তু ৰাতি কোনখন বিচনাত কাৰ লগত শুব লাগে, সেইটো ভাবি টেনশ্যন আৰম্ভ হয়। এই টেনশ্যনটো মোৰ সৰুকালৰে সংগী। সৰুতে আনৰ ঘৰলৈ বিয়া-সবাহলৈ গ'লে এইটো চিন্তাই মোৰ সকলো আনন্দ শেষ কৰি দিছিল। মায়ে কয়, 'আমি তিৰোতা কেইজনী মাটিতে থাকিম..তই হেৰিৰ ভিনিহিয়েকৰ খুড়াকৰ শালপতিজনৰ লগতে বিচনাত থাকগৈ যা..'। সেই হেৰিৰ ভিনিহিয়েকৰ খুড়াককেই মই চিনি নাপাওঁ, তাতে আকৌ তেওঁৰো শালপতি! মই মুখ ফুলাওঁ, মায়ে বুজাই - আনৰ ঘৰত আহিলে অলপতো এৰি-ধৰি চলিবই লাগিব! উপাইহীনহৈ মই সেই শালপতিৰ কাষতে বিচনাৰ চুক এটাত পৰি থাকোগৈ, টোপনি নাহে।
আমাৰ বে'ডৰুম দুটাত দুখন বিচনা আছে। তাৰে এখনত শাহু আৰু শ্ৰীমতী আৰু আনখনত খুলশালী তিনিজনী থাকিব। শহুৰ দেউতা দ্ৰয়িংৰুমৰ এজনীয়া বিচনাখনত আৰু মই তুলি এখন পাৰি দ্ৰয়িংৰুমৰ মজিয়াতে শুম - এনেকৈ অংকটো মিলোৱা হৈছিল। এইটো মিলাওতেও কিছু দেৰি লাগিল, নিমিলেহে নিমিলে..যেন অকব'ত হিমজ্যোতিহঁতে দিয়া ফ'টো কুইজহে!
ৰাতি ভাত-পানী খোৱাৰ পিছত মই আৰু শহুৰ দেউতা দ্ৰয়িংৰুমতে বহি টিভি চাই আছোঁ। শ্ৰীমতী আৰু শাহু এটি কোঠাৰ বিচনাত শুই-শুই কথা পাতিছে। আনটো কোঠাৰ বিচনাত খুলশালী তিনিজনীৰ আড্ডা। কোনোবাজনীয়ে লেপট'পত গান শুনিছে, সেই গানকলৈয়ে 'ছিৰিয়াছ ডিছকাছন'। গানটোত হেনো ৰনবীৰ কাপুৰৰ লগত প্ৰিয়ংকা চোপ্ৰাতকৈ কেটৰিনা কাইফকহে বেছি ভাল লাগিহেঁতেন, ছেলৱাৰ কামিজতকৈ ৱেষ্টাৰ্ণ পিন্ধিলেহে মিলিলেহেঁতেন - ৱাহ, যেন আটাইকেইজনী শ্যাম বেনেগাল, অনুৰাগ বাসুহে! শ্ৰীমতীহঁতৰ আলোচনাৰ বিষয়বস্তু হ'ল তেওঁলোকৰ ঘৰৰ ওচৰৰ শইকীয়াৰ জীয়েক বেবীৰ বিয়া। জোৰণৰপৰা আৰম্ভ কৰিছে শাহু আয়ে বৰ্ণনা কৰিবলৈ।
'কি?? অণুৱে এইবাৰো সেউজীয়া পাটৰযোৰ পিন্ধি আহিছে, তাই দেখোন সেইযোৰ দুবছৰ আগতে মানুৰ বিয়াতো পিন্ধিছিল..'- সেয়া শ্ৰীমতীৰ চিঞৰ! হয় দেই, এওঁলোকৰ স্মৃতিশক্তিৰ কথা ভাবি মই আচৰিত হৈ যাওঁ কেতিয়াবা। প্ৰায় বিছবছৰ আগৰ বিয়াত কোনে কঁপালত কেনেকুৱা ৰঙৰ ফোঁট লগাইছিল সকলো মনত থাকে এওঁলোকৰ। অৱশ্যে 'গোলাপ' কবিতাটো নৱম নে দশম শ্ৰেণীত পঢ়িছিলোঁ বুলি সুধিলে আকৌ "'গোলাপ' পঢ়োৱা জ্যোতি বাইদেউৰ চুলিকোছা ইমান ধুনীয়া আছিল!" জাতীয় উত্তৰহে পাওঁ।
বাৰ বাজিবৰ হ'ল। কি চাইছোঁ ধৰিব পৰা নাই, মাত্ৰ শহুৰ দেউতাই চেনেলবোৰ মাজে মাজে বদলাই আছে। মই ভাবি আছোঁ তেওঁ শুই গ'লে লাহেকৈ আমাৰ বক্স পালেঙৰ তলৰপৰা তুলিখন আনি মজিয়াত দীঘল দি পৰো আৰু তেওঁ হয়তো ভাবি আছে মই কেতিয়া তুলিখন আনি শুই যাওঁ যাতে তেওঁ বিচনাখনত শুব পাৰে। মাজতে এবাৰ তুলিখন আনো বুলি শ্ৰীমতীহঁত থকা কোঠালৈ গ'লো। তেওঁলোক ইতিমধ্যে টোপনিত লালকাল। তুলিখন আকৌ পালেঙখনৰ তলত আছে। জগাব ভাল নালাগিল। ভাবিলোঁ আজি ছোফাখনতে শুম। আকৌ শহুৰ দেউতাৰ কাষত বহিলোহি।
'আজি অলপ গৰম...'
'হয়...'
'কালিতকৈ অলপ বেছি নেকি...'
'হয়, যোৱা শনিবাৰৰ সমান হ'ব চাগে'।
কিছুসময় মনে মনে ৰ'লো। চেনেল সলনি কৰোতে 'স্প'ৰ্টছ চেনেল' এটাত ৰখিল।
'ধোনী বেয়া নহয় কেপ্টেইন হিচাপে..' এইবাৰ মই আৰম্ভ কৰিলোঁ।
'কপিলদেৱো ভাল আছিল..'
'আজিকালি সকলো পইচাৰ খেলা...'
'অ..মোৰ মানীবেগটো বা ক'ত থলো!' মানীবেগটো বিচাৰিলে তেওঁ এইবাৰ।
এইবাৰ 'ৰং' চেনেল পালেগৈ।
'ভাড়াঘৰ ভাল কিন্তু...'
'নাই নাই..নিজৰ ঘৰত থকাৰ সমান মজা নাই লাগিলে সৰুৱেই হওঁক'
'নহয়, ভাড়াঘৰ ছিৰিয়েলখনৰ কথা কৈছোঁ' - শহুৰৰ কথাত লাজ পালোঁ।
লাহেকৈ এমটিভি পালে। মই লাহেকৈ ক'লোঁ -'আৰু অলপ আগ বাঢ়ি যাওঁকচোন। এছেজ টেষ্ট চলি আছে। স্কোৰটো চাই লওঁ।' এই সময়ত মিউজিক চেনেলবোৰ চোৱাটো খুব সুবিধাজনক নহয়।
'এইখন বিচনা এজনীয়া? কাঠৰ নহয়?' -এইবাৰ তেওঁ বিচনাখনলৈ আঙুলিয়ালে।
'হয়, দুজনো পাৰি..কিন্তু এই গৰমত নোৱাৰি'।
লাহে লাহে চেনেলবোৰত কিবাকিবি প্ৰডাক্ট বিক্ৰীৰ বিজ্ঞাপন আহিবলৈ ধৰিলে। তেওঁ দীঘলীয়া হামি এটা মাৰিলে। ময়ো।
০০০০
ডিঙিটোত সামান্য বিষ অনুভৱ কৰিলোঁ। মোৰ আৰু শহুৰ দেউতাৰ মূৰ দুটি পঞ্চলিশ ডিগ্ৰী কোণ কৰি লগ লাগি আছে। হয়তো ৰাতি আমাৰ মূৰ দুটাই আনজনৰ কান্ধ এখন বিচাৰি একেসময়তে হেলনীয়া হৈছিল আছিল আৰু এটা সময়ত দুয়োটাই মৃদু খুণ্ডা খাই ৰৈ গ'ল এনেকৈ। শহুৰ দেউতাই সাৰ পাই যাব পাৰে বুল মোৰ মূৰটো আঁতৰাব বেয়া লাগিল। এনেয়ে কাহ এটি মাৰিলোঁ। তেৱোঁ কাহ এটিৰে প্ৰত্যুত্তৰ দিলে। বোধকৰো মই উঠালৈ ৰৈ আছিল।
টিভিটো গোটেই ৰাতি চলিয়েই আছে। 'যোগাসন' আৰম্ভ হৈছে।
"যোগাসন কৰা ভাল কিন্তু..." শহুৰ দেউতাই ক'লে।
"হয়, প্ৰাণায়ম কৰিলে ভাল লাগে.."
... আনটো কোঠাৰপৰা শ্ৰীমতীহঁতৰ হাঁহি, কথাৰ টুকুৰাবোৰ উৰি আহিছে। আঠমংগলাৰ বিবিধ ব্যঞ্জনৰ লিষ্ট এখন শুনিবলৈ পাইছোঁ। হয়তো বেবীৰ বিয়াৰ দ্বিতীয় খণ্ড আৰম্ভ কৰিছে চাগে শাহুআয়ে!!

                      
                          "তুমি-মই এদিন জানা ঘৰ সাজিমেই.."

'আমাৰ লগৰ ৰুমাহঁতৰ নতুন ঘৰটোৰ গৃহপ্ৰৱেশৰ ফ'টোবোৰ চোৱাচোন...ই-মেইল কৰি পঠাইছে। ইমান ধুনীয়া ন তাই পিন্ধা কাপোৰযোৰ?'

অ'ফিচৰপৰা আহি ঘৰত সোমোৱাৰ লগে লগে শ্ৰীমতীৰ কথাষাৰ শুনি ক্ষন্তেক চিন্তা কৰিলোঁ তেওঁৰ মনটো কাপোৰযোৰ নে নতুন ঘৰটোৰ আগে-পিছে, সোঁৱে-বাৱে ঘূৰিবলৈ আৰম্ভ কৰিছে। শ্ৰীমতীয়ে সাধাৰণতে কিবা এটা বস্তু লাগে লাগে বুলি কেতিয়াও চিঞৰ-বাখৰ কৰি নাথাকে, সেইটো তেওঁৰ বৰ ভাল স্বভাৱ। মাজে মাজে মাত্ৰ দুই-এশাৰী বাক্য বাণেৰে বুজাবলৈ চেষ্টা কৰে, তেওঁক কি লাগে বা তেওঁ কি বিচাৰে। কেতিয়াবা ভাবো মই একো নুবুজা অলপ অলগদ্ধ মানুহ হ'লে চাগে সদায় এখন কুৰুক্ষেত্ৰৰ সৃষ্টি হ'লহেঁতেন।

'নিজৰ ঘৰ থাকিলে কিন্তু এটা সুবিধা, ঘৰভাড়াটো বাচি যায়।' বুজি পালোঁ শ্ৰীমতীৰ মনটো এতিয়াও নতুন ঘৰটোৰ পৰা ওলাব পৰা নাই।
'কিন্তু ই.এম.আইতো মাহে মাহে দি থাকিবই লাগিব' - দ্ৰাৱিড়ৰ দৰে মোৰ ৰক্ষণাত্মক শ্বট।
'ঘৰভাড়াতকৈ দুই-তিনিহাজাৰহে বেছি। ভাড়াতো কেতিয়াও নকমে, বাঢ়িহে গৈছে। ই.এম.আই ফিক্সড থাকিব। আৰু নিজৰ ঘৰত থকাৰ আমেজেই সুকীয়া দিয়াচোন। 'বেৰত গজাল নামাৰিব', 'আজি মাহৰ চাৰিদিন গ'ল, ভাড়াটো?', 'অলপ চাফাকে ৰাখিব দেই'-আদি মালিকৰ বচনবোৰৰ পৰাও হাত সাৰিব পাৰি।'
শ্ৰীমতীয়ে একেলগে পেলোৱা ইন-ছুইংগাৰ, য়'ৰ্কাৰত ধৰাশায়ী হৈ গ'লো মই। শেষত এটা কথা ডাকৰ বচনৰ দৰে মানি ল'লোঁ - "নিজে ঘৰ কিনি বা সাজি থাকিলে খৰছ হয় ৰাহি, ভাড়াঘৰত জীৱন কটোৱা মানে এক মুৰ্খামি।"

সেয়া এবছৰ মানৰ আগৰ কথা।
  আৰম্ভ হ'ল পুণে চহৰত আমাৰ ঘৰ মানে ফ্লেটৰ সন্ধানত যাত্ৰা! অৱশেষত প্ৰায় দুমাহযোৰা যুঁজৰ অন্তত আমি ফ্লেট এটা বুক কৰিলোঁ। মাজৰ দালালজনৰ দেউতাকে হেনো দহবছৰ অসমত থাকি চাকৰি কৰিছিল। অসমীয়া বুলি আমাক দহহেজাৰমান টকা কমকৈ দিলেওঁ হ'ব বুলি ক'লে। ছ'চাইটিখন ভালেই লাগিল। বহুতো সম্ভ্ৰান্ত পৰিয়ালে ফ্লেট লৈছে তাত। আমাৰ সন্মুখৰ বিল্ডিঙটোতে ছিৰিয়েলৰ এক্ট্ৰেছ এজনীয়ে ফ্লেট এটা বুক কৰিছে বাবে আমাৰ বিল্ডিঙৰ ফ্লেটকেইটাৰ দাম অলপ বঢ়াই দিছে বিল্ডাৰে।

'আজিকালি কিন্তু মানুহবোৰে 'গৃহপ্ৰৱেশ'টো বৰ ডাঙৰকৈ পাতে দেই। অৱশ্যে অভ্যাগতক ভালকৈ খুৱালে-ধুৱালে আশীৰ্বাদো পোৱা যায় নহয়!'
'হয় মানুহৰ আশীৰ্বাদেই ডাঙৰ কথা'- এওঁৰ কথাত হয়ভৰ দিওঁ।
'শুনা, পঠাৰ মাংস বহুতে কিন্তু নাখায়, চিকেনৰ ব্যৱস্থা কৰিব লাগিব। হেৰিহঁতে হাঁহৰ কথা প্ৰায়েই কয় হে..ৰিলায়েন্স ফ্ৰেছত বোলে অৰ্ডাৰ দিলে হাঁহ আনি দিয়ে। দাম দুগুণ লয়। কথা নাই দিয়া, ঘৰলোৱা এবাৰহে পাতিম।'
শ্ৰীমতীৰ লিষ্ট দেখি কোন কোন শুভাকাংক্ষীৰ পৰা ঘৰৰ ডাউনপে'মেন্টৰ কাৰণে অৰ্থ সাহায্য লোৱা নাছিলোঁ মনতে ভাবি উলিয়াওঁ। গৃহ প্ৰৱেশৰ দিনা ঘৰ ভৰি গ'ল। খোৱাই খালে, পেলোৱাই পেলালে। পূজাৰ পুৰোহিতেও সিদিনা দুইহেজাৰ খুজিলে দক্ষিণা। মই বোলো-'প্ৰভূ, আগতে দেখোন আপুনি দুশ টকাতে দিনটোৰ পূজা কৰিছিল, আজি দুইহেজাৰ যে!?'
বাঙালী হোটেলখনৰপৰা অনা টেনিছ বলটোৰ সমান ৰসগোল্লাটো চুহি চুহি তেওঁ উত্তৰ দিলে-'আগতে সেইবোৰ ভাড়াঘৰত কৰিছিলা। এতিয়া নিজৰ লাখটকীয়া ঘৰত কৰা পূজা। সকলোতে পাৰ্থক্য আহিবই নহয়!'
শ্ৰীমতীয়ে চকু পকাই ফুচফুচালে-'বামুনৰ লগতনো কিহৰ বাৰ্গেইনিং কৰা হে? পাপে চুব'।

দুমাহ আগতে আমি নতুন ঘৰলৈ আহিলোঁ। 'নিজৰ নতুন ঘৰত পুৰণি ছোফা-টিভি-বেড এইবোৰ কিবা খাপ নাখাব নহয়নে?'-শ্ৰীমতীৰ কথামতে আগৰ বেছিভাগ বস্তু অতি কম দামত বিক্ৰী কৰা হ'ল। ৩২ইঞ্চিৰ ডাঙৰ এলচিডি আহি নতুন ঘৰ পালে। আগতে টিভিটো সৰু মেজ এখনৰ ওপৰতে থৈছিলোঁ। এলচিডি আৰু আন কিবাকিবি বস্তু সজাবলৈ ডাঙৰ টিভি ইউনিট এখন আনিলোঁ। সপ্তাহত দুদিন হোম ডেক'ৰ শ্ব'পবোৰত যোৱাটো নিয়ম হ'ল। আগতে এনেকুৱা দোকানবোৰত গ'লে 'নিজৰ ঘৰ হ'লে ল'ম দিয়া' বুলি কৈছিলোঁ। এতিয়া সেই শাৰীও ক'ব নোৱাৰা হ'লোঁ। নিজৰ ঘৰ বুলি ভালৰো ভাল পৰ্দা, ছোফা, বিচনা, বিচনা চাদৰেৰে ঘৰ ভৰি পৰিল। মই ৰাতি ৰাতি ই.এম.আই, আন খৰছ আৰু দৰমহাৰ হিচাপ কৰোঁ।

অলপ আগতে অ'ফিচৰপৰা আহিলোঁ। শ্ৰীমতীয়ে হাঁহি মাৰি দুৱাৰখন খুলি দিলে। তেওঁক ইমান বেছি আনন্দত থকা দেখিলেও মোৰ টেনছন হয়। কি বা কয়!
'আজি আমাৰ তলৰ পাটিলৰ ঘৈণীয়েক আৰু জীয়েকৰ লগত চিনেমা চাবলৈ গৈছিলোঁ। বৰ ভাল মানুহজনী। তেওঁলোকৰ হোণ্ডা চিটিখন যে ইমান স্পেচিয়াছ!'
'ডাঙৰ গাড়ী, হ'বইতো স্পেচিয়াছ।'
'আজিহে প্ৰথমবাৰৰ বাবে পুণেৰ ৰাষ্টাত ঘূৰি ভাল লাগিছে। ইমান ফ্ৰেছ ফ্ৰেছ লাগি আছে গা-মন! আৰু গেটত থকা ছিকিউৰিটি গাৰ্ড কেইজনে গাড়ীত গ'লে চালাম মাৰে, জানা। দৌৰা-দৌৰিকৈ গেটো খুলি দিয়ে। আমি স্কুটাৰত গ'লে হে গেট খুলিবলৈ চিঞৰি থাকিব লাগে..'।
-মই একো নামাতিলোঁ। ভাবিলোঁ এই ছ'চাইটিটোত থকাৰ পিছত নিজৰ গাড়ী এখন নহ'লে সঁচাকৈ কিবা এটা ঠিক নালাগে। তলত নিজৰ কাৰণে ডাঙৰ পাৰ্কিঙৰ ঠাইও কিনিছোঁ। সকলোৰে পাৰ্কিংবোৰ গাড়ীৰে ভৰ্তি। মোৰ পাৰ্কিঙৰ ঠাইটুকুৰাই সৰু বাজাজ স্কুটাৰখন পেটত সুমুৱাই পৰি থাকে, যেন আধাপেটি খাই হে ফেঁকুৰি ফেঁকুৰি ৰৈ আছে। ৰাতি ভালকৈ হিচাপ এটা কৰিম।
'শুনা, কি চিন্তা কৰিছা বাৰু? তুমি আৰু দুই-এদিনতে যিকোনো গাড়ী কিনাৰ ডিচিছন লৈ নল'বা দেই। লাগিলে এমাহ দেৰিয়েই হওঁক, ছিডানত উঠাৰ মজা কিন্তু বেলেগ দেই।'

এনেতে মোৰ মোবাইলটো বাজি উঠিল। বন্ধু বিক্ৰমৰ ফোন। ঘৰৰ ডাউন পে'মেন্টৰ বাবে তাৰ পৰা এক লাখ লৈছিলোঁ ধাৰত। ঘৰলোৱাৰ এমাহৰ ভিতৰতে ঘূৰাই দিম বুলি কৈছিলোঁ যদিও এতিয়ালৈ দিয়া হোৱা নাই। তাক কি ক'ম ভাবি ল'লোঁ মনতে।
'ৰিংটোনৰ গানটো বৰ ধুনীয়া ন? কালি মোৰ মোবাইলৰপৰা তোমাৰ তাত ভৰাই দিছোঁ।' শ্ৰীমতীয়ে মিচিকিয়াই ক'লে।
ভাবিলোঁ কিছুমান গান শুনিবলৈ ইমান ভাল! তেতিয়াও মোবাইলৰ ৰিংটোনটো ফুল ভ'লিউমত বাজি আছিল -'তুমি-মই এদিন জানা ঘৰ সাজিমেই, ঘৰ সাজিমেই..তাতে জোন থাকিব, তাতে তৰা থাকিব....'।।
                           
                               "তুমি দুচকুতে কাজল ল'লে.." 
অ'ফিচৰ পৰা ওলাই চাৰিআলিৰ ছিগনেলটো পাইছোঁ মাত্ৰ, দেখিলোঁ ছোৱালী এজনীয়ে হাত জোঁকাৰি মোৰ গাড়ীখন ৰখাবলৈ চেষ্টা কৰিছে, মানে ইংগিত দিছে। বোধকৰো 'লিফ্ট' লাগে। মই গাড়ীৰ গতি অলপ লেহেমীয়া কৰিলোঁ। ছোৱালীজনী দেখাই-শুনাই বেয়া নহয়, তেনে এটি অনুভৱ হ'ল। ছোৱালীজনীক মোৰ চিনাকী চিনাকী যেন লাগিল, ক'ৰবাত আগতে যেন দেখিছোঁ।

'অকলশৰীয়া ছোৱালীক লিফ্ট নিদিবা দেই। মিঠা মিঠা কথাৰে ভুলাই আজিকালি ডকাইটি কৰিবলৈ দলবোৰে ধুনীয়া ছোৱালী ব্যৱহাৰ কৰে, তাতে তুমি যি বেলবুং...'। শ্ৰীমতীয়ে প্ৰায়ে কোৱা কথাষাৰ মনত পৰিল। যদি এইজনীক লিফ্ট দিওঁ আৰু কিবা এটা অঘটন ঘটিবলৈ পায়, শ্ৰীমতীয়ে ক'বলগীয়া কথাষাৰ মনতে ভাবিলোঁ -'ছোৱালী দেখিলেই পাগল হৈ যোৱাতো, এতিয়া পাইছা নহয় মজা!' আৰু সৌভাগ্যবশত: একো নঘটিলে -'সিদিনা কোন ছোৱালীক গাড়ীত বহুৱাই আনিছিলা? বৰুৱানীয়ে দেখিছে নহয়। হুহ, ছোৱালী দেখিলেই ৰ'বই নোৱাৰে, নিজে উপযাচি লিফ্ট দিয়ে। ক'ৰ ছোৱালী আছিল? কি নাম? কি কৰে? কোৱা..কোৱা..কোৱা...'। হিন্দী ছিৰিয়েলবোৰত দেখুওৱাৰ দৰে মূৰটো পাঁচবাৰমান ঘূৰাই শ্ৰীমতীৰ 'কোৱা'টোৰ 'ইকো' মোৰ দুকাণত বাজি উঠিল।
ধুৰ...কাম নাই আৰু মোৰ। নলগা জেঙত লাগিনো মৰো কিয়! মই নৰখালো গাড়ী! মিৰ'ৰখনত দেখিলো ছোৱালীজনীয়ে ভৰি এখন ওপৰলৈ উঠাই মাটিতে জোৰেৰে মাৰি খঙ প্ৰকাশ কৰিছে যেন সেইখিনি মাটি নহয় মোৰ দুগালহে। বোধকৰো গালিও পাৰিছে। অশ্লীল গালি নে? ছোৱালীয়ে অশ্লীল গালি পাৰিব জানো?! কলেজীয়া দিনৰ গালিবোৰলৈ মনত পৰিল। ডাঙৰ ডাঙৰকৈ দুটামান গালিকে পাৰিলোঁ। বন্ধ কাঁচৰ খিৰিকীৰে ওলাবলৈ সুবিধা নাপাই গালিবোৰ অ'ত ত'ত ঘূৰি এফ.এমত বাজি থকা গানটোৰ সৈতে মিহলি হৈ এক অদ্ভূত সুৰৰ সৃষ্টি কৰিলে!
ঘৰ আহি পাই দেখোঁ ঘৰত তলা। আমাৰ দুবছৰীয়া সন্তানটিক এই সময়ত কাম কৰা ছোৱালীজনীয়ে অলপ ফুৰাবলৈ লৈ যায়। পিছে শ্ৰীমতী বা কলৈ গ'ল! ফোন এটা কৰোঁ বুলি মোবাইলটো উলিয়াওতে দেখিলোঁ শ্ৰীমতীৰ মিচ কল- ওঠৰটা। সৰ্বনাশ! লগে লগে ফোন লগালোঁ। বাৰে বাৰে কাটি দিয়ে শ্ৰীমতীয়ে, এবাৰো নুঠালে। বোধকৰো ওচৰতে আছে বা ছিৰিৰে ওপৰলৈ উঠি আছে, গতিকে ফোন কল ৰিচিভ নকৰি পতিদেৱতাৰ ত্ৰিশ পইচা বচাইছে। তিৰোতাবোৰে যে পইচাৰ হিচাপ ক'ত, কেনেকৈ কৰি থাকে একেবাৰে বুজি নাপাওঁ। 
মই ফ্ৰেছ হৈ চাহ একাপ খালোঁ। কিছুসময় পিছত কলিং বেলটো বাজি উঠিল। কি' হোলটোৰে চাই দেখিলোঁ ছোৱালী এজনী। হাৰে! এইজনী দেখোন সেইজনীয়েই, অলপ দেৰি আগতে 'লিফ্ট' বিচৰাজনী! কেনেকৈ মোৰ পিছ লৈ ঘৰলৈকে আহি পালে! মোৰ অলপ টেনছন হ'ল। মই দুৱাৰ খুলি দিয়া নাই। কলিং বেলটো আকৌ বাজিল দুবাৰমান। এইবাৰ মোৰ মোবাইলত ৰিং হোৱাৰ শব্দ শুনা পালোঁ। দেখিলোঁ শ্ৰীমতীৰ ফোন। 
'বুৰ্বকৰ দৰে মাজে মাজে কিয় কি'হোলটোৰে চাই আছা, দেখিছোঁ নহয়। দুৱাৰ নুখুলা কিয়? কিহৰ ধেমালি...'
মই একে জাপে খুলিলোঁ দুৱাৰখন। সন্মুখত এক নতুন ৰূপত মোৰ শ্ৰীমতী!! দীঘল কেকোঁৰা চুলি চুটি আৰু চিধালৈ ৰূপান্তৰ হৈছে। মুখখনো উজলি উঠিছে। মোৰ কান্ধৰপৰা ছয় ইঞ্চিমান তলত থকা শ্ৰীমতী চেণ্ডেলৰ দৰে ওখ কিবা এযোৰৰ সহযোগত মোৰ নাকলৈ উঠি আহিছে। বাপ্ ৰে.. কি পৰিৱৰ্তন!
'আৰে 'কচম চে', তোমাক একেবাৰে চিনি পোৱা নাছিলোঁ মই...'।
'ৰাতিপুৱাই কোৱা নাছিলোঁ আজি পাৰ্লাৰলৈ যাম, শ্ব'পিং কৰিম আৰু আহোতে তোমাৰ লগত আহিম?'। শ্ৰীমতীয়ে ৰাতিপুৱা কোৱা কথাবোৰ এতিয়াহে মনত পৰিল। কথাৰ বিস্ফোৰণ শুনিবলৈ মই সাজু হ'লোঁ। কিন্তু ভাগ্য ভাল। কাম কৰা ছোৱালীজনী কণমানিটোক লৈ আহি পালে সেই সময়ত। সি টোপনি গৈছে। তাইৰ আগত মোক ডাঙৰকৈ কথা শুনাই মোৰ 'ইজ্জত'টো কেতিয়াও কম হ'ব নিদিয়ে শ্ৰীমতীয়ে, সেইটো তেওঁৰ বৰ ভাল অভ্যাস।
শ্ৰীমতীয়ে হাত-মুখ ধুই গোসাইৰ আগত সন্ধিয়াৰ চাকি গচি দিবলৈ গ'ল। ৰাতিপুৱা অ'ফিচতে এজনে কৌতুক এটা কৈছিল। মনত পৰি মোৰ হাঁহি উঠিল।
'হেৰা, এটা 'আল্টিমেট' কৌতুক শুনিবা.....। এজনী আদবয়সীয়া তিৰোতাৰ এবাৰ হাৰ্ট এটেক হ'ল। যোৱা-থোৱা অৱস্থা। হ'স্পিটাললৈ লৈ যোৱা হ'ল। ৰাতি যমৰাজ আহিল। আহিয়েই তিৰোতাজনীক ক'লে, 'ছেহ, কিবা ভুল হৈছিল আমাৰ। তোৰ আয়ুস এতিয়াও চল্লিশ বছৰৰ বেছি আছে। ছ'ৰি। কাইলৈ সকলো বেমাৰ ঠিক হৈ যাব। তই নিশ্চিন্ত থাক। চল্লিশ বছৰৰ পিছত আহিম দেই নিবলৈ। টিল ডেন এনজয়!' তিৰোতাজনী লগে লগে আৰোগ্য হ'ল। আনন্দতে দুপাক 'শীলা কি জৱানী'ও নাঁচিলে। ভাবিলে ইমানসোপা বছৰ আছে জীয়াবলৈ, গতিকে প্ৰথমতে নিজৰ ৰূপটো অলপ সলনি কৰা যাওঁক। হস্পিটেলৰপৰা ওলায়েই বিউটি পাৰ্লাৰত সোমাল। চুলি ষ্ট্ৰেইটেনিং, ফেচিয়েল, পেডিকিউৰ, মেনিকিউৰ  আদি সকলো এপ্লাই কৰিলে গাত। পাৰ্লাৰৰপৰা নাঁচি-বাগি ওলাওতেই ট্ৰাক এখনে খুণ্ডিয়ালে। লগে লগে মৃত্যু হ'ল তিৰোতাজনীৰ। ওপৰ পায়েই যমৰাজক চিঞৰিলে - 'চিটিং..চিটিং..আৰু চল্লিশ বছৰ জীয়াম বুলি মিছা কৈছিলি তই? মিছলীয়া অধম ক'ৰবাৰ!'। যমৰাজে তিৰোতাজনীৰ ভৰিৰপৰা মূৰলৈ ভালকৈ চাই ক'লে, 'আৰে...তইহে নেকি? ছ'ৰি, ভুল হৈ গ'ল! হ'ল বুলি আৰু ৰূপটো ইমানো চেঞ্জ কৰি পেলাব লাগে নে? চিনিয়েই নাপালোঁ নহয় তোক....'।
কৌতুকটো কৈ মই হাঁহিলো আকৌ। শ্ৰীমতীয়ে মুখখন বেঁকা কৰিলে। বুজি পাই খঙ কৰিলে নে একো নুবুজি মুখখন বেঁকা কৰিলে - মই হ'লে বুজি নাপালোঁ।
এনেতে কণমানিটো টোপনিৰপৰা সাৰ পালে। টোপনিৰ পৰা উঠি মাকক নেদেখিলে সি আকৌ কন্দা-কটা লগায়। শ্ৰীমতী দৌৰি গ'ল তাৰ ওচৰলৈ। তাক কোলাত ল'লে। সি কান্দিবলৈ ধৰিলে। শ্ৰীমতীয়ে চুমা খাই মৰমতে কিবাকিবি ক'লে। কিন্তু তাৰ কান্দোন কমাৰ একো চিন নাই। মই ওচৰলৈ গৈ হাত দুখন মেলি দিলোঁ। সি জাঁপ মাৰি মোৰ ওচৰলৈ আহিল। কান্দোন বন্ধ হ'ল তাৰ।
'ভোকতে কান্দিছে চাগে...' - শ্ৰীমতীৰ কথাত মোৰ আকৌ কৌতুকটোলৈ মনত পৰি গ'ল। এইবাৰ মই হাঁহিলো খুব জোৰেৰে! 

                           
                               'ভাগ ভাগ ডি.কে. বোস'


শহুৰ-শাহু অসমৰ পৰা অহা দুদিনমান হ'ল। ৰাতিপুৱাই অসমীয়া চেনেল লগাই সকলোৱে  বাতৰি চাই আছো। এনেতে ওচৰৰ ঘৰৰ কাম কৰা ছোৱালীজনী আহিল কোলাত তেওঁলোকৰ এবছৰীয়া কণমাণিটিক লৈ। তাইৰ হাতৰ বাটিত চেৰেল্যাক জাতীয় কিবা খোৱাবস্তু। এনেকে বাচ্ছাটোক খুৱাব তাই ইয়ালৈ আহে মাজে মাজে।
'এম.টি.ভি লগাও না ভায়া, বেবী কো খিলাতে হ্যে'
কণমাণিটোক আকৌ গানৰ তালে তালেহে কিবা খুৱাব পাৰি। গানৰ তালত মুখখন মেলি দিয়াৰ লগে লগে তাৰ মুখত চামুচখন ভৰাই দিয়া হয় চান্স বুজি।
মই এম.টি.ভি লগালো। কিন্তু য'তে বাঘৰ ভয়, তাতে ৰাতি হয়।
  পৰ্দাত সেয়া ইমৰান হাছমীৰ গান। এইজনাক মোৰ বৰ ভয় লাগে। প্ৰেম-পীৰিতিৰ ক্ষেত্ৰত দুৰ্ধৰ্ষ উগ্ৰপন্থীৰ শাৰীতেই পৰে, হঠাতে ভয়াৱহ ৰূপ ধাৰণ কৰি সন্ত্ৰাসৰ সৃষ্টি কৰিব পাৰে এওঁ।
'কালিৰ খেলখনৰ বা কি হ'ল, চাই লওঁ ৰ'ব' মই চেনেল বদলাই নিউজ চেনেল এটা লগালো। মনতে ভাবিলো, কালি কিবা খেল আছিল জানো? কণমাণিটোৱে কান্দোন আৰম্ভ কৰিলে। উপাই নাই, আকৌ বেক টু এম.টি.ভি!
 
'আজি বেচ গৰম পৰিব চাগে'- বতৰৰ বিষয়ে আলোচনা নীৰৱতা ভগাৰ অন্যতম উদাহৰণ।
'হুমমম.....' শহুৰ দেউতাই বুজাব খুজিলে সেয়া কি ক'ব লগা কথা।
দুচকু লুকাবলৈও ওচৰত নিউজ পেপাৰখন নাই। ক্ৰেডিট কাৰ্ডৰ এজেন্টেও এনে ক্ৰিটিকেল সময়ত ফোন কৰি উঠি যোৱাৰ সুবিধাকণ কৰি নিদিয়ে।

ৰাতি সকলোৱে বেংগলী ৰেষ্টুৰেন্ট এখনত খাই ঘৰলৈ উভতিছো। আগৰ ছিটত মোৰ কাষত শহুৰ দেঊতা। পিছৰ ছিটত শাহু আৰু শ্ৰীমতী। তেওঁলোকৰ ঘৰৰ কাষৰ বিয়া এখনৰ পোষ্টমৰ্টেম কৰাত ব্যস্ত তেওঁলোক। কইনাৰ মেইন ছেটযোৰৰ পৰা আৰম্ভ কৰি কইনাৰ ভনীয়েকৰ নেকলেছলৈকে সকলোৰে বিশদ বিৱৰণ দাঙি ধৰিছে শাহু আয়ে।
 
ট্ৰেফিক চিগনেল এটাত ৰ'ব লগা হ'ল।হঠাতে বাইক এখন সাপৰ দৰে সোঁৱে-বাওঁৱে পিচৰ গাড়ীবোৰ অ'ভাৰটেক কৰি আহি আমাৰ গাড়ীখনৰ সন্মুখত কেৰেচকৈ শব্দ কৰি ৰৈ গ'ল।
  বাইক আৰোহী যুৱকৰ পিঠিত লিপিট খাই পৰিছে পিছ্ত বহা যুবতী যেন পিঠি ভেদি বুকুৰে ওলাই গৈ কলিজাত লিখি থৈ যাব প্ৰেম কাহিনি। চাইডভিউ কৰিলেও চাগে বাইকখনত এজন নে দুজন বহি আছে ধৰিবলৈ দিগদাৰ হ'ব। হাউলি দিওঁতে যুবতীৰ চুটি টি-চাৰ্টটোৰ তলৰ অংশ লাহে লাহে উঠি গৈ মাজ পিঠি পাইছে।

সেউজীয়া লাইট জ্বলিবলৈ আৰু এক মিনিট বাকী। উহ, আৰু এক মিনিট সময় এই নাৰী ইমৰান হাছমীজনী চকুৰ আগত থাকিব।
'দেউতা মই প্ৰথম আহোতে এইবোৰ চব পথাৰ আছিল।এতিয়া ক'তো খালী ঠাই নাই। সেই বাওঁফালে মাল্টিপ্লেক্সটো যোৱাবছৰ সাজিছে।'
শহুৰ আৰু মই বাওঁফালে লক্ষ্য কৰিলো। মাল্টিপ্লেক্সৰ এক বিশাল হ'ৰ্ডিঙত জিলিকি আছে বিদ্যা বালানৰ অৰ্ধ উন্মুক্ত বক্ষেৰে 'ডাৰ্টি পিকচাৰ'। চকুদুটাও যে আৰু। আন বহুত হ'ৰ্ডিং আছে। কিন্তু ইহঁত দুটাই এইবোৰহে বিচাৰি পায়। দুমাহ আগৰে পৰা আৰম্ভ হোৱা বাওঁফালে থকা পাৰ্কখন চাবলৈ শহুৰ দেউতাক ক'ব সাহস ন'হল আৰু।
   

গাড়ী চলিল। শ্ৰীমতীয়ে মাত লগালে 'সোনকাল কৰা অলপ। 'বড়ে অচ্ছে লগতে হ্যে' আৰম্ভ হ'লেই। মাৰ প্ৰিয় ছিৰিয়েল'। কালি ৰাম আৰু প্ৰিয়াই যি পীৰিতি দেখুৱালে গোটেই এপিছ'ডটোত, আজিও চাগে তাৰ অন্তিম অংশ দেখুৱাব। নাই, আজি আৰু ৰিস্ক ল'ব নোৱাৰি। মই গাড়ীৰ স্পীড কমাই দিলোঁ। অ'ন কৰিলোঁ এফ.এম টো। তাত বাজি উঠিল গান- 'ভাগ ভাগ ডি.কে. বোস, ডি.কে. বোস, ভাগ.....'।
©দিগন্ত কুমাৰ ভট্টাচাৰ্য

No comments:

Post a Comment